নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ দেশত এতিয়া দ্বিতীয়টো লক ডাউন। কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে লক ডাউনৰ সময় সীমা পূৰ্বৰ ১৪ এপ্ৰিলৰ পৰা ৩ মে' লৈ বৃদ্ধি কৰে ভাৰত চৰকাৰে । কিন্তু লক ডাউনৰ মাজতেই প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগ'ড়াৰ নাতি আৰু কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইজ ডি কুমাৰাস্বামীৰ পুত্ৰ অভিনেতা নিখিল কুমাৰাস্বামী বিবাহ পাশত আবদ্ধ হয় ।
১৭ এপ্ৰিল অৰ্থাৎ আজি ৰেৱাথীৰ সৈতে বিবাহ বান্ধোনত বান্ধ খায় দুয়ো । প্ৰাক্তন কৰ্ণাটকৰ মন্ত্ৰী এন. কৃষ্ণাপাৰ ভতিজীয়েক ৰেৱাথী। বেংগালুৰুৰ চহৰৰ পৰা আঁতৰত এখন ফাৰ্ম হাউচত অনুষ্ঠিত কৰা হয় এই বিবাহ অনুষ্ঠান । কেৱল পৰিয়ালবৰ্গৰ সদস্য় সকলে উপস্থিত থাকে এই বিবাহ অনুষ্ঠানত ।