ETV Bharat / bharat

দিল্লীৰ ৰাষ্ট্ৰীয় আইন মহাবিদ্যালয়ৰ ৫০ শতাংশ সংৰক্ষিত আসন স্থগিত কৰাৰ নিৰ্দেশ আদালতৰ

author img

By

Published : Jun 29, 2020, 7:00 PM IST

দেশৰ ৰাজধানীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দিল্লীৰ ৰাষ্ট্ৰীয় আইন মহাবিদ্যালয়ত সংৰক্ষিত থকা ৫০ শতাংশ আসনৰ ক্ষেত্ৰত সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে স্থগিত কৰাৰ নিৰ্দেশ প্ৰদান কৰে । বিশ্ববিদ্যালয়খনে ২০২০-২১ বৰ্ষৰ আসনৰ বাবে সংৰক্ষণ ব্যৱস্থা কৰিছিল । য'ত বিশ্ববিদ্যালয়খনৰ নীতি অনুসৰি, ৰাজধানীখনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছিল ।

hc-stays-50-pc-reservation-for-delhi-students-in-nlud

নিউজ ডেস্ক, ২৯ জুন : দেশৰ ৰাজধানীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দিল্লীৰ ৰাষ্ট্ৰীয় আইন মহাবিদ্যালয়ত সংৰক্ষিত থকা ৫০ শতাংশ আসনৰ ক্ষেত্ৰত সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে স্থগিত কৰাৰ নিৰ্দেশ প্ৰদান কৰে ।

বিচাৰপতী হিমা কোহলী আৰু সুব্ৰামোনিয়াম প্ৰসাদৰ এক বিচাৰপীঠত ২ জুলাইৰ পূৰ্বে ৰাষ্ট্ৰীয় আইন মহাবিদ্যালয়ৰ বিজ্ঞাপন প্ৰকাশ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । আদালতত এই গোচৰ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অভিযোগৰ ভিত্তিত কৰা হৈছিল । যাৰ জৰিয়তে সংৰক্ষণ ব্যৱস্থাই ছাত্ৰ-ছাত্ৰী সকলৰ অধিকাৰ খৰ্ব কৰাৰ লগতে দেশৰ সমতাৰ অধিকাৰৰ পৰিপন্থী বুলি উল্লেখ কৰিছিল ।

hc-stays-50-pc-reservation-for-delhi-students-in-nlud
দিল্লীৰ ৰাষ্ট্ৰীয় আইন মহাবিদ্যালয়ৰ ৫০ শতাংশ সংৰক্ষিত আসন স্থগিত কৰাৰ নিৰ্দেশ আদালতৰ

এনেকুৱা কিছুমান অভিযোগৰ ভিত্তিতে ছাত্ৰ-ছাত্ৰী সকলে আদালতত এখন পিটিছন দাখিল কৰিছিল । আৰু আদালতে অন্তিম শুনানী ১৮ আগষ্টত প্ৰদান কৰিব বুলি উল্লেখ কৰে ।

লগতে ছাত্ৰ-ছাত্ৰী সকলে আসনৰ সংখ্যা ৮০ ৰ পৰা ১২০ লৈ বঢ়াব লাগে বুলিও উল্লেখ কৰে । লগতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতো বহুতো অসুবিধা থকা বুলি অভিযোগকাৰীয়ে দাবী জনাই ।

উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়খনে ২০২০-২১ বৰ্ষৰ আসনৰ বাবে সংৰক্ষণ ব্যৱস্থা কৰিছিল । য'ত বিশ্ববিদ্যালয়খনৰ নীতি অনুসৰি, ৰাজধানীখনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছিল ।

লগতে পঢ়ক : কোৱাৰেন্টাইন কেন্দ্ৰত মৃত্যু হোৱা ব্যক্তিৰ ন্যায় বিচাৰি বিজেপিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.