ETV Bharat / bharat

হাথৰসৰ ঘটনা: আদালতৰ তদাৰকী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়

author img

By

Published : Oct 27, 2020, 11:30 AM IST

উত্তৰ প্ৰদেশৰ হাথৰস গণধৰ্ষণৰ ঘটনা সন্দৰ্ভত মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়দান। আদালতৰ তদাৰকীত CBIৰ তদন্ত আৰু আইনী যুঁজ দিল্লীলৈ স্থানান্তৰিত কৰাক লৈ ৰায় দিব সৰ্বোচ্চ ন্যায়ালয়ে ।

হাথৰসৰ ঘটনা: আদালতৰ তদাৰকী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়
হাথৰসৰ ঘটনা: আদালতৰ তদাৰকী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়

নেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ: উচ্চতম ন্যায়ালয়ে হাথৰস গণধৰ্ষণৰ ঘটনাৰ তদন্ত আদালতৰ তদাৰকীত সম্পন্ন কৰা সন্দৰ্ভত মঙলবাৰে ৰায় দিব। হাথৰসত এগৰাকী দলিত যুৱতী গণধৰ্ষণৰ বলি হৈ নিৰ্মম অত্যাচাৰৰ যন্ত্ৰণা সহিব নোৱাৰি মৃত্যুক আঁকোৱালি লৈছিল। যোৱা ১৫ অক্টোবৰত মুখ্য ন্যায়ধীশ এছ এ বোবড়ে, ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ ভি ৰামাশুভ্ৰমণিয়ামৰ তিনিজনীয়া বিচাৰপীঠে এখন জনস্বাৰ্থজনিত আবেদনৰ শুনানি গ্ৰহণ কৰি স্থগিতাদেশ জাৰি কৰিছিল।

আদালতে সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰা একাংশ কৰ্মী আৰু অধিবক্তাৰ আবেদন খাৰিজ কৰে। শুনানিত ন্যায়ালয়ে কয় যে, উত্তৰ প্ৰদেশত নিৰপেক্ষ তদন্ত সম্ভৱ নহয় আৰু তদন্ত প্ৰক্ৰিয়া স্থগিত কৰি দিয়ে। ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ন্যায় বিবেচনাৰ বাবে দিল্লীৰ আদালতলৈ এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া স্থানান্তৰিত কৰাৰ বাবে নিৰ্যাতিতাৰ পৰিয়ালৰ তৰফৰ পৰা অধিবক্তাই শীৰ্ষ আদালতক অনুৰোধ জনাইছিল ।

উল্লেখ্য যে, যোৱা ১৪ ছেপ্টেম্বৰত হাথৰসত এগৰাকী ১৯ বছৰীয়া দলিত যুৱতীক ৪ জন উচ্চ বৰ্ণৰ লোকে ধৰ্ষণ আৰু নিৰ্মম অত্যাচাৰ চলাইছিল। চিকিৎসাধীন অৱস্থাত থাকোতেই যোৱা ২৯ ছেপ্টেম্বৰত দিল্লী ছফদৰগঞ্জ হাস্পতালত যুৱতীগৰাকীৰ মৃত্যু হয়। ৩০ ছেপ্টেম্বৰত যুৱতীগৰাকীৰ বাসগৃহৰ সমীপতে আৰক্ষীয়ে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰে। আৰক্ষীয়ে পৰিয়ালৰ অনুমতি নোলোৱাকৈ অন্তিম সংস্কাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। শীৰ্ষ আদালতত শুনানিৰ সময়ত অধিবক্তা ইণ্ডিৰা জয়সিঙে উত্তৰ প্ৰদেশত এই ঘটনাৰ নিৰপেক্ষ বিচাৰ হোৱাক লৈ আশংকা ব্যক্ত কৰিছিল। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে এই ঘটনাৰ তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ কৰিছিল ।

লগতে পঢ়ক:মহানগৰীত হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত অস্ত্ৰ পূজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.