ETV Bharat / bharat

বোমাৰে ৰেলৱে ষ্টেচন উৰুৱাই দিয়াৰ ধমকি সন্ত্ৰাসবাদীৰ - আম্বালা ৰেলৱে ষ্টেচন

হাৰিয়ানাৰ আম্বালা ৰেলৱে ষ্টেচনক বোমাৰে উৰুৱাই দিয়াৰ ধমকি প্ৰদান কৰি পত্ৰ প্ৰেৰণ কৰিছে সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদে ।

বোমাৰে ৰেলৱ ষ্টেচন উৰুৱাই দিয়াৰ ধমকি সন্ত্ৰাসবাদীৰ
author img

By

Published : Apr 17, 2019, 12:24 AM IST

Updated : Apr 17, 2019, 8:57 AM IST

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ হাৰিয়ানাৰ আম্বালা ৰেলৱে ষ্টেচনৰ ষ্টেচন মাষ্টাৰে লাভ কৰা এখন পত্ৰক লৈ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে সমগ্ৰ ৰাজ্যখনত । ৰেলৱে ষ্টেচনৰ লগতে আম্বালাস্থিত সেনাৰ চাউনী, পানীপট, কাৰনাল, সোনীপট, দিল্লী আদিকে ধৰি বিভিন্ন সামৰিক চাউনী, ৰেলৱে ষ্টেচন আৰু বাছ ষ্টেচন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদে ।

বোমাৰে ৰেলৱ ষ্টেচন উৰুৱাই দিয়াৰ ধমকি সন্ত্ৰাসবাদীৰ

আম্বালা ৰেলৱে ষ্টেচনৰ ষ্টেচন অধীক্ষক বি এছ গীলে প্ৰকাশ কৰা অনুসৰি, এই পত্ৰখনত মুছলমান লোকসকলে সন্মুখীন হোৱা সমস্যাৰ কথা কোৱা হৈছে । ঘটনাৰ পিচতে, ষ্টেচনস্থিত ৰেলৱে আৰক্ষীৰ ডি এছ পি মদন লালক এই বিষয়ে জনাই ষ্টেচন অধীক্ষকে । সমগ্ৰ বিষয়টোৰ গম্ভীৰতা অনুভৱ কৰি এই সন্দৰ্ভত সকলো ৰেলৱে ষ্টেচনকে ধৰি আৰক্ষী চকী, সেনা চাউনী আৰু ৰাজহুৱা স্থানত হাই এলাৰ্ট জাৰী কৰিছে হাৰিয়ানা চৰকাৰে ।

পত্ৰখনত এইসমূহ স্থানক অহা ১৬ মে'ত বোমাৰে উৰুৱাই দিয়াৰ ধমকি প্ৰদান কৰা হৈছে । ইতিমধ্যে, ৰেলৱে আৰক্ষীয়ে সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদৰ এৰিয়া কামাণ্ডাৰ মশহুৰ আহমদৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰিছে ।

sfgtu
Last Updated : Apr 17, 2019, 8:57 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.