ETV Bharat / bharat

এয়া দেশৰ জয় : নিৰ্ভয়া দোষীৰ ফাঁচীৰ পাচত স্বাতী মালিৱালৰ মন্তব্য - দিল্লীৰ মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱাল

নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচীকাঠত ওলমোৱাৰ পাচত সন্তুষ্টি প্ৰকাশ কৰিছে স্বাতী মালিৱালে ৷ এয়া দেশৰ জয় বুলি মন্তব্য মালিৱালৰ ৷

স্বাতী মালিৱালৰ মন্তব্য
নিৰ্ভয়া দোষীৰ ফাঁচী
author img

By

Published : Mar 20, 2020, 2:21 PM IST

নেশ্যনেল ডেস্ক, 20 মাৰ্চ : নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীক শুকুৰবাৰে 5.30 বজাত ফাঁচীকাঠত ওলমোৱাৰ পাচত মন্তব্য আগবঢ়াইছে দিল্লীৰ মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে ৷ মালিৱালে কয়, "এয়া সমগ্ৰ দেশৰ জয় ৷ আমি এক শক্তিশালী ব্যৱস্থা গঠন কৰাৰ প্ৰয়োজন আছে ৷"

টুইটাৰত "সত্যমেৱ জয়তে" লিখাৰ লগতে সুদীৰ্ঘ সাত বছৰৰ পাচত ন্যায়ৰ জয় হ'ল বুলি কয় মালিৱালে ৷

তেওঁ লগতে কয় যে, ন্যায় লাভৰ বাবে দেশৰ নাগৰিকে প্ৰতিবাদ কৰা উচিত ৷

উল্লেখ্য যে, শুকুৰবাৰে পুৱা 5.30 বজাত নিৰ্ভয়া কাণ্ডৰ চাৰি দোষী মুকেশ সিং, পৱন গুপ্তা, বিনয় শৰ্মা আৰু অক্ষয় কুমাৰ সিঙক ফাঁচীকাঠত ওলমোৱা হয় ৷

আৰু পঢ়ক : আজিৰ দিনটো দেশৰ সকলো কন্যাৰ নামত উচৰ্গা কৰিলে নিৰ্ভয়াৰ মাতৃয়ে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.