নিউজ ডেস্ক, 21 জুনঃ জম্মু কাশ্মীৰৰ শ্ৰীনগৰত সন্ত্ৰাসবাদী আৰু সুৰক্ষা বলৰ মাজত সংঘৰ্ষৰ ঘটনা পোহৰলৈ আহিছে ৷ সুৰক্ষা বলে সন্ত্ৰাসবাদীৰ ঘাটিৰ বিষয়ে তথ্য লাভ কৰাৰ পাছতে গিল্লী কদল অঞ্চলটোত অভিযান আৰম্ভ কৰে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে ৷
সুৰক্ষা বলে অঞ্চলটোত খোপনি পুতি থকা সন্ত্ৰাসবাদীৰ দলটোক ঘেৰাও কৰাৰ লগে-লগে সন্ত্ৰাসবাদী দলটোৱে সুৰক্ষা বলৰ ওপৰত গুলীবৰ্ষণ কৰে ৷ ইফালে সতৰ্কতামূলক ব্যৱস্থাৰ বাবে ইতিমধ্যে শ্ৰীনগৰত ইন্টাৰনেট সেৱা স্থগিত কৰিছে প্ৰশাসনে ৷ বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, দুইৰ পৰা তিনিটা সন্ত্ৰাসবাদীক ইতিমধ্যে অঞ্চলটোত বন্দী কৰি ৰখা হৈছে ৷
লগতে পঢ়কঃ শূণ্য ডিগ্ৰীৰো কম তাপমাত্ৰাত যোগাভ্যাস আইটিবিপি জোৱানৰ
ইয়াৰ পূৰ্বেও জম্মু কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদী আৰু সুৰক্ষা বল সংঘৰ্ষত লিপ্ত হৈছিল ৷ সুৰক্ষা বলে সন্ত্ৰাসবাদীৰ তথ্য লাভ কৰাৰ পাছতে অঞ্চলটোত CASO অভিযান চলায় ৷ এই অভিযানত এই পৰ্যন্ত তিনিজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে ৷