নেশ্যনেল ডেস্ক, 29 আগষ্টঃ পাকিস্তানৰ দ্বাৰা কূটাঘাটৰ চোৰাংচোৱাৰ তথ্য পোৱাৰ পিছতে সষ্টম হৈ পৰিছে নিৰাপত্তাৰক্ষী ৷ গুজৰাটৰ সাগৰীয় পথৰে সন্ত্ৰাসবাদী ভাৰতত প্ৰবেশ কৰাৰ তথ্য ভাৰতীয় চোৰাংচোৱাৰ হাতত ৷ ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ আৰু গোষ্ঠীগত সংঘৰ্ষ কৰাৰ পৰিকল্পনা পাকিস্তানৰ ৷
উল্লেখযোগ্য যে, ভাৰতীয় চোৰাংচোৱা বিভাগে পাকিস্তানৰ পৰা SSG কামাণ্ডো বা সন্ত্ৰাসবাদী দলে গাল্ফ উপকূল আৰু ছাৰ ক্ৰিকৰ দিশে সৰু নাৱৰ সহায়ত ভাৰতত প্ৰবেশ কৰাৰ তথ্য আছে ৷ ইয়াৰ পূৰ্বে চোৰাংচোৱাই ISIS ৰ দ্বাৰা ভয়ংকৰ কূটাঘাটৰ তথ্য লাভ কৰিছিল ৷