নিউজ ডেস্ক, 7 অক্টোবৰ : গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানী আৰু ৰাজ্যিক বিজেপি প্ৰধান চি আৰ পাটিলে ৰাজহুৱা কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গুজৰাটত 20 তম বছৰ উপলক্ষে এক ভাৰ্টুৱেল ৰেলীৰ আয়োজন কৰে ৷
উল্লেখ্য যে,2001 চনৰ আজিৰ দিনটোতে মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল আৰু 2014 চনত প্ৰধানমন্ত্ৰী নোহোৱালৈকে সেই কাৰ্য্যালয়ত অব্যাহত আছিল । তেওঁৰ ভাষণত ফেচবুকত লাইভ সম্প্ৰচাৰ কৰি ৰুপানেই মোদীক সফল প্ৰধানমন্ত্ৰী বুলি উল্লেখ কৰে ৷
ইফালে,গুজৰাটত মোডীৰ শাসনত অপৰাধ তথা হিংসা, হত্যাৰ ঘটনা কম হোৱা বুলি তেওঁ দাবী জনায় ৷ আনহাতে,নৰেন্দ্ৰ মোডী মুখ্যমন্ত্ৰীৰ সময়ত বহু কেইটা আঁচনি যেনে,সৱৰমতি ৰিভাৰফ্ৰণ্ট,গুজৰাট গাঁওসমূহত 24 ঘণ্টীয়া বিদ্যুৎ যোগান আদি বিভিন্ন আঁচনিৰ শুভাৰম্ভ কৰিছিল ৷
লগতে পঢ়ক : কংগ্ৰেছ-এ আই ইউ ডি এফৰ যুঁজে স্থবিৰ কৰিছে ভোগদহ পঞ্চায়তৰ উন্নয়ন