ETV Bharat / bharat

গুজৰাটঃ উত্তেজিত শ্ৰমিক দ্বাৰা পুনৰ প্ৰতিবাদ, ভাৰুচত একত্ৰিত বহু শ্ৰমিক - Bharuch workers demand repatriation

পুৱাৰ ভাগত উত্তেজিত শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে ভাৰুচত । বহু শ্ৰমিক একত্ৰিত হৈ তেওঁলোকক নিজ নিজ গৃহ অঞ্চলত থৈ অহাৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী কৰে ।

গুজৰাটঃ উত্তেজিত শ্ৰমিক দ্বাৰা পুনৰ প্ৰতিবাদ, ভাৰুচত একত্ৰিত বহু শ্ৰমিক

author img

By

Published : May 14, 2020, 1:18 PM IST

নিউজ ডেস্ক, 14 মে': কালিৰ দিনটোত গুজৰাটৰ কচ্ছত হোৱা বিক্ষিপ্ত প্ৰতিবাদৰ পাচত বৃহস্পতিবাৰৰ দিনাও প্ৰতিবাদ দেখা গ'ল গুজৰাটত । আজি পুৱাৰ ভাগত উত্তেজিত শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে ভাৰুচত । বহু শ্ৰমিক একত্ৰিত হৈ তেওঁলোকক নিজ নিজ গৃহ অঞ্চলত থৈ অহাৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায় ।

আৰক্ষীয়ে অৱগত কৰা অনুসৰি, প্ৰতিবাদকাৰী সকলে জলৱা গাঁৱৰ কাষৰ সম্পূৰ্ণ পথ অৱৰোধ কৰে ।

উল্লখ্য যে, কৰ'ণা ভাইৰাছ সংকটৰ সময়ত শ্ৰমিক সকলেই আটাইতকৈ বেছি দুৰ্ভোগ ভুগিবলগীয়া হৈছে ।

ইয়াৰ পূৰ্বে কালিৰ দিনটোত কচ্ছত আৱদ্ধ হৈ থকা শতাধিক প্ৰব্ৰজনকাৰী শ্ৰমিকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে ঘাইপথৰ মাজৰে চলাচল কৰা বাহনৰ ওপৰত শিলাবৰ্ষণ কৰিছিল । ইয়াৰ ফলত সৃষ্টি হৈছিল এক অভাৱনীয় পৰিস্থিতিৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.