ETV Bharat / bharat

জি এছ টিৰ ক্ষতিপূৰণ সম্বন্ধে কেন্দ্ৰই আগবঢ়োৱা মতামত প্ৰত্যাখান কৰা উচিত:চিদাম্বৰম - চিদাম্বৰমৰ প্ৰতিক্ৰিয়া

আৰ্থিক ঘাটি পূৰণৰ বাবে ৰাজ্যসমূহক ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল'বলৈ বিত্তমন্ত্ৰীয়ে পৰামৰ্শ দিয়াৰ পিছতে কংগ্ৰেছ নেতা পি চিদাম্বৰমে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কৰ'ণা মহামাৰীৰ বাবে আৰ্থিকভাৱে জুৰুলা হোৱা ৰাজ্যসমূহক কেন্দ্ৰই দিয়া মতামতক প্ৰত্যাখান কৰিবলৈ আহ্বান জনাইছে কংগ্ৰেছ নেতাগৰাকীয়ে ।

জি এছ টিৰ ক্ষতিপূৰণ সম্বন্ধে কেন্দ্ৰই আগবঢ়োৱা মতামত প্ৰত্যাখান কৰা উচিত:চিদাম্বৰম

author img

By

Published : Aug 29, 2020, 2:01 PM IST

নেশ্যনেল ডেস্ক, ২৯ আগষ্ট: জি এছ টিৰ ক্ষতিপূৰণ সম্বন্ধত কেন্দ্ৰই দিয়া মতামতক প্ৰত্যাখান কৰিবলৈ ৰাজ্যসমূহক আহ্বান জনাইছে কংগ্ৰেছ নেতা পি চিদাম্বৰমে । বৃহস্পতিবাৰে জি এছ টিৰ বৈঠকত ৰাজ্যসমূহক কেন্দ্ৰই ক্ষতিপূৰণ দিব নোৱাৰে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্পষ্ট কৰি দিয়াৰ পিছতে বিৰোধী দলসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কংগ্ৰেছ নেতা পি চিদাম্বৰমে কেন্দ্ৰৰ সিদ্ধান্তক কঠোৰভাৱে সমালোচনা কৰি ৰাজ্যসমূহক কেন্দ্ৰই দিয়া মতামতক প্ৰত্যাখান কৰিবলৈ ৰাজ্যসমূহক আহ্বান জনায় ।

উল্লেখ্য যে কৰ'ণাৰ সংকটকালত ২.৩৫ লাখ কোটিৰ পণ্য সেৱা কৰ ঘাটি হৈছে । অৰ্থ সংকটৰ সন্মুখীন হোৱা ৰাজ্যক ক্ষতিপূৰণ প্ৰদান কৰিব নোবাৰিব বুলি বৃহস্পতিবাৰে জি এছ টি বৈঠকত ঘোষণা কৰা হয় । আৰ্থিকভাৱে জুৰুলা হোৱা ৰাজ্যসমূহক ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল'বলৈ কৈ নিজৰ মতামত আগবঢ়ায় বিত্তমন্ত্ৰীয়ে । কংগ্ৰেছ নেতা চিদাম্বৰমে সকলো ৰাজ্যকে একগোট হৈ কেন্দ্ৰ সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় । লগতে ক্ষতিপূৰণ দাবী কৰিবলৈও ৰাজ্যসমূহক আহ্বান জনায় কংগ্ৰেছ নেতাজনে ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় ক্ৰীড়া সন্মান 2020 ৰ বিশদ বিৱৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.