-সত্যপাল মেনন
নিউজ ডেস্ক, 4 চেপ্টেম্বৰ : বিশ্বৰ অন্যতম দ্ৰুত অৰ্থনীতি ভাৰতবৰ্ষৰ GDP ৰ ভিত্তি যুক্ত হাই-হাইপড ব্যৱস্থাই ৰেড হায়াৰিঙৰ জৰিয়তে অৰ্থব্যৱস্থা উৎকৃষ্ট ৰূপত দাঙি ধৰাৰ উমান লাভ কৰা যায় ৷ GDP ৰ বিশ্লেষণ কেৱল চৰকাৰেই নহয় অৰ্থনীতিবিদ আৰু কনচাল্টিং ফাৰ্মবোৰেও দাঙি ধৰে ৷ দেশৰ বাস্তৱবাদী অৰ্থনৈতিক পৰিস্থিতিৰ উপস্থাপনৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা থকা সত্বেও প্ৰকৃতপক্ষত GDP ৰ বৃদ্ধিৰ হাৰ আৰু কাৰ্য সম্পাদনৰ কোনো যুক্তি নাই ৷ GDP ৰ অগ্ৰগতি বা প্ৰগতিৰ ক্ষেত্ৰত কেৱল চৰকাৰী পক্ষক দোষাৰোপ কৰিলেই নহয় ৷ এনেকুৱা বিভিন্ন সংকেট আছে যিয়ে দেশৰ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত GDP ৰ মানদণ্ড নিৰূপন কৰে ৷ ভাৰতবৰ্ষৰ GDPৰ স্থান পঞ্চম স্থানৰ পৰা সপ্তম স্থানলৈ অৱনমিত হোৱাটোৱে দেশৰ বিকাশৰ পথ ৰুদ্ধ হোৱাতো বুজাইছে ৷ GDP য়ে জনসাধাৰণৰ বাৰ্ষিক অৰ্থনীতিৰ মূল্যায়ন কৰাৰ লগতে দেশৰ সেৱা আৰু সামগ্ৰীৰ চৰকাৰী ব্যয় আৰু বেচৰকাৰী বিনিয়োগৰ ৰপ্তানিৰ নিৰূপণ কৰে ৷
ইয়াৰ পক্ষত এটা বিষয় হ’ল যে উচ্চ GDP ৰ কৰৰ ফলত চৰকাৰে অধিক ৰাজহ আদায় কৰিব পাৰে আৰু ইয়াৰ ফলস্বৰূপে দেশৰ উন্নয়ন অধিক ফলপ্ৰসু হোৱাৰ সম্ভাৱনা থাকে ৷ GDP য়ে সম্ভৱত অৰ্থনীতিৰ বিভিন্ন খণ্ড স্থিতি প্ৰতিফলিত কৰাৰ লগতে সেই অনুযায়ী দেশৰ পৰিকল্পনা প্ৰক্ৰিয়াটো সহসলভ্য কৰাত সহায় কৰে ৷ GDP ৰ এই ধনাত্মক দিশক বাদ দি দেশৰ বৃদ্ধি আৰু বিকাশক ঘৰুৱা উৎপাদনৰ ভিত্তিত নিৰ্ধাৰণ কৰাটো হাস্যৰসিক ৷ ইয়াত বহু অৰ্থনীতিবিদ আৰু নীতি-নিৰ্ধাৰণকাৰী সংস্থাই GDP ৰ বাবে হোৱা দেশৰ বিকাশক অৱজ্ঞা কৰিব বিচাৰিছে ৷ এইটো দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে GDP য়ে গ্ৰাহকৰ উপযুক্ত চিত্ৰ প্ৰতিফলিত কৰাত ব্যৰ্থ হৈছে ৷
GDP ৰ বিকাশ আৰু বৃদ্ধি যিমানেই নহওঁক কিয়, সকলো ঘৰুৱা উৎপাদনৰ হাৰ কেৱল সৰ্বমুঠ উপভোগতহে আছে ৷ উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ GDPৰ চমকপ্ৰদ বিচ্যুতিৰে বিবেচনা কৰে ৷ আনুমানিক 20% অৰ্থাৎ ভাৰতবৰ্ষৰ জনসংখ্যাৰ প্ৰায় 25 কৌটি মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলৰ (বিপিএল) আৰু ইয়াৰ প্ৰতিজন লোকৰ দৈনিক আয় 32 টকা আৰু বছৰি আয় 11,664 টকা ৷ এই গণনা অনুসৰি সমগ্ৰ বিপিএলৰ জনসংখ্যাৰ আনুমানিক খৰচ 2,91,600 কোটি যি 140.70 লাখ কোটিৰ (2018-19) ৰ GDP ৰ প্ৰায় 2% ৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ ব্যক্তিগত আয়ৰ ব্যয়ৰ সন্দৰ্ভত 11,664 টকা প্ৰতি ব্যক্তিৰ GDPৰ প্ৰায় 9% আৰু 105,668 টকা ৷ ব্যক্তিগত ব্যয় 77.26 লাখৰ অনুপাতে 55% সৰ্বমুঠ GDP ৰ ৷ লগতে 25 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ ব্যয় জনসংখ্যা অনুসৰি 2,91,600 কোটি টকা ৷ এই ব্যয়ে জীৱন মাত্ৰাৰ মান নিৰূপণ কৰে নে ? উচ্চ আৰু উচ্চতম আয় সমূহৰ দ্বাৰা বিলাসী ব্যয়ৰ উপৰি এখন গোলাপী ছবি প্ৰতিফলিত কৰাৰ উদ্দেশ্য প্ৰাপ্তি কৰে ৷ যিয়ে নিম্ন আৰু মধ্যম আয় সমূহৰ দ্বাৰা আৱশ্যকীয় ব্যয়ক অধিক কৰিব পৰা যায় ৷ কিন্তু এইধৰণৰ তথ্য সংযোজনে অৰ্থনৈতিক সমষ্টিক অৰ্থনৈতিক চিত্ৰৰে সংকলন আৰু সংমিশ্ৰন কৰাত অৱহেলিত হয় ৷ চৰকাৰৰ লক্ষ্য যদি জীৱনযাত্ৰাৰ উন্নত মান প্ৰস্তুত কৰা তেতিয়া ইয়াৰ পৰা হ’বলগীয়া পৰ্যাপ্ত GDPৰ বিকাশৰ বাবে প্ৰয়োজনীয় উপাদানৰ অভাৱ পৰিলক্ষিত হয় ৷ ইয়ে বিকাশৰ স্তৰক কেনেদৰে প্ৰভাৱিত কৰিব ? ইয়াৰ মানদণ্ডক ভাৰতবৰ্ষৰ সমগ্ৰ আৰ্থিক ব্যৱস্থা স্থিতিৰে মূল্যাংকন কৰিব পাৰি জানো ?
উদাহৰণস্বৰূপে, যদি নিম্ন আৰু মধ্যম বৰ্গৰ আয়ৰ জনসংখ্যাৰ এক বৃহৎ ভাগ ব্যক্তিগত ব্যয়ৰ 40 লাখ কোটি আৰু এটা সৰু অংশৰ ব্যয় 35 লাখ কোটি টকা খৰচ কৰিব পৰা যায়, তেতিয়া ইয়াৰ সৰ্বমুঠ ৰাশিয়ে এক সম্ভাৱনাৰ সৃষ্টি কৰিব আৰু উন্নত জীৱন ধাৰাৰ মানলৈ ৰূপান্তৰ কৰিব ৷ এই ক্ৰম বিৱৰ্তনৰ জৰিয়তে দেশৰ আৰ্থিক বিকাশৰ হাৰ বৃদ্ধি কৰাত সহায় কৰিব ৷ ব্যয় ব্যতিত GDPৰ অন্যান্য উপাদান অৰ্থাৎ চৰকাৰী ব্যয়ৰ অগ্ৰগতিৰ প্ৰেৰণা হিচাপে বিবেচনা কৰা হয় ৷ চৰকাৰী ব্যয় অনুসৰি বিকাশৰ বাবে প্ৰত্যক্ষ অনুপাতিক, যদি অগ্ৰাধিকাৰ প্ৰয়োজনীয়তাৰ সৈতে মিলি যায় তেতিয়া সম্ভৱ হ’ব পাৰে ৷ GDP যদি বৃদ্ধিৰ সূচক হয় তেতিয়াহ’লে কিয় স্বাস্থ্য সেৱাৰ অৱস্থা অতি শোচনীয়? অৰ্থনীতিবিদ আৰু দেশৰ নীতি নিৰ্ধাৰণকাৰী সমিতিয়ে খাদ্যহীনতাত দেশৰ 103নং স্থানৰ বাখ্যা কৰিব পাৰিব জানো ?
বহুমাত্ৰিক দাৰিদ্ৰ সূচকে ভাৰতৰ উচ্চতৰ সন্দেহজনক পাৰ্থক্য বহন কৰিছে ৷ GDPৰ পৰিসংখ্যাই দেশৰ শিক্ষাৰ একেবাৰে অৱহেলিত অৱস্থাৰ বাখ্যা কৰিব পাৰিব ? শিল্প কৰ্মক্ষমতাৰ বিষয়ে জানো বাখ্যা কৰিব পাৰিছে ? চৰকাৰী পক্ষই GDP ত যদি এই ক্ষেত্ৰবোৰৰ বিশ্লেষণ কৰিছে যদিও প্ৰকৃতাৰ্থত এইবোৰ বিফল হোৱা পৰিলক্ষিত হৈছে ৷ এতিয়া এইতো সময় আহি পৰিছে যে ভাৰতবৰ্ষৰ অৰ্থনীতিবিদ আৰু নীতি নিৰ্মাতাই GDPৰ ধাৰণাক ক্ষতি কৰা বন্ধ কৰক আৰু বিকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক ৷