ETV Bharat / bharat

বাৰিষা খাদ্য তালিকাৰ পৰা পৰিহাৰ কৰক সেউজীয়া শাক... - সেউজীয়া শাক

বাৰিষাৰ বতৰত সলনি হয় মানুহৰ খাদ্যাভ্যাস ৷ তেনেস্থলত কি খাব,কি নাখাব ! পৰিৱেশ অনুকূলে সকলোৱে খাদ্য গ্ৰহণ কৰা উচিত ৷ কিয়নো বাৰিষা শৰীৰৰ পাচনতন্দ্ৰ প্ৰভাৱিত হয় বতৰৰ দ্বাৰা ৷ চিকিৎসকসকলে বাৰিষা পৰাপক্ষত সেউজীয়া শাক বৰ্জন কৰিবলৈ দিহা আগবঢ়াইছে ৷ কিন্তু কিয় চাওক কেইটামান বিশেষ কাৰণ-

Green Leafy Vegetables A Big NO During Monsoons Etv Bharat news
বাৰিষা পৰিহাৰ কৰক সেউজীয়া শাক
author img

By

Published : Jul 30, 2020, 4:41 PM IST

নিউজ ডেস্ক,30 জুলাই: বাৰিষাৰ বতৰত সলনি হয় মানুহৰ খাদ্যাভ্যাস ৷ তেনেস্থলত কি খাব,কি নাখাব ! পৰিৱেশ অনুকূলে সকলোৱে খাদ্য গ্ৰহণ কৰা উচিত ৷ কিয়নো বাৰিষা শৰীৰৰ পাচনতন্দ্ৰ প্ৰভাৱিত হয় বতৰৰ দ্বাৰা ৷ চিকিৎসকসকলে বাৰিষা পৰাপক্ষত সেউজীয়া শাক বৰ্জন কৰিবলৈ দিহা আগবঢ়াইছে ৷ কিন্তু কিয় চাওক কেইটামান বিশেষ কাৰণ-

Green Leafy Vegetables A Big NO During Monsoons Etv Bharat news
বাৰিষা পৰিহাৰ কৰক সেউজীয়া শাক

সেউজীয়া শাক ? বাৰিষাৰ বতৰত মুঠেও নাখাব

এক সুষম আৰু সন্তুলিত আহাৰৰ তালিকাত সাধাৰণতে কি কি খাদ্য অন্তৰ্ভূক্ত হ’ব পাৰে ! সাধাৰণ উত্তৰ হ’ব প্ৰ’টিনযুক্ত খাদ্যৰ লগতে সেউজীয়া শাক-পাচলি৷ বিশেষকৈ সেইসমূহ খাদ্য আমি খোৱা উচিত য’ত পোষকতত্ত্ব অন্তনিৰ্হিত হৈ থাকে ৷ বৰ্তমান বাৰিষা কালৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকসকলে কিন্তু খাদ্য তালিকাৰ পৰা সেউজীয়া শাকক আঁতৰত ৰখাৰ পৰামৰ্শ প্ৰদান কৰে ৷ কিয়নো বাৰিষা সহজে সংক্ৰমণ হয় বিভিন্ন ৰোগ ৷ সেয়ে পৰাপক্ষত সেউজীয়া শাক আঁতৰাই ৰাখিব লাগে খাদ্য তালিকাৰ পৰা ৷ সেউজীয়া শাকক খাদ্য় তালিকাৰ পৰা আঁতৰাই ৰখাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল-

বিভিন্ন পোক আৰু বেক্টেৰিয়া

সেউজীয়া শাকত বহুতো সৰু সৰু চকুৰে মনিব নোৱাৰা পোকৰ লগতে বেক্টেৰিয়া নিহিত হৈ থাকিব পাৰে ৷ শাকসমূহক এই বেক্টেৰিয়াই প্ৰজননৰ আধাৰ হিচাপে গণ্য কৰে,যিয়ে শাকসমূহক দূষিত কৰে ৷ সেয়ে এই খাদ্য ভক্ষণ ৰোগ সৃষ্টিৰ কাৰক হৈ পৰিব পাৰে ৷

অপৰিষ্কাৰ

বাৰিষাৰ সময়ছোৱাত এই শাকসমূহ অধিক অপৰিষ্কাৰ হৈ থকাৰ ফলত পেটৰ সংক্ৰমণত ভোগাৰ আশংকা থাকে ৷ সেয়ে সঠিকভাৱে পৰিষ্কাৰ কৰি ইয়াক খাদ্য হিচাপে গ্ৰহণ কৰা উচিত ৷

পানীত উৎপন্ন

বেছিভাগ সেউজীয়া শাক জলপ্ৰৱণ এলেকাৰ সমীপত উৎপন্ন হয় ৷ এই অঞ্চলসমূহ অত্যধিক বেক্টেৰিয়া থাকে ৷ সেয়ে এনে অঞ্চলৰ পৰা অনা শাক সেৱনৰ ফলত ডায়েৰিয়া,বমি আদিৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা প্ৰবল ৷

সূৰ্যৰ পোহৰৰ পৰা বঞ্চিত

বছৰৰ অন্য ঋতুত সূৰ্যৰ পোহৰে বীজাণুনাশক হিচাপে কাম কৰে ৷ গতিকে শাক-পাচলি বিনাদ্বিধাই ক্ৰয় কৰিব পাৰি ৷ কিন্তু বাৰিষাৰ বতৰত সূৰ্যৰ পোহৰৰ অভাৱ ঘটাৰ বাবে ইয়াত বেক্টেৰীয়াই আক্ৰমণ কৰিব পাৰে ৷ গতিকে এনে শাক খোৱাৰ পিছত মানুহে হাইজা, টাইফয়ড, ডায়েৰিয়া আদিত ভূগিব পাৰে ৷

মেটাবলিজিম বৃদ্ধিত বাধা

বাৰিষা সময়ত মানুহৰ মেটাবলিজিম অন্য সময়ৰ তুলনাত দুৰ্বল হৈ থাকে ৷ সেয়ে এই সময়ছোৱাত মানুহে স্বাস্থ্যৰ অধিক যত্ন লোৱা উচিত ৷ তেলজাতীয়,অত্যধিক মছালা সমৃদ্ধ খাদ্য, সম্পূৰ্ণ নিসিজা আৰু সেউজীয়া শাকৰ পৰিৱৰ্তে লঘু আহাৰ গ্ৰহণ কৰা উচিত ৷

শৰীৰত পিত্তৰ বৃদ্ধি

আয়ুৰ্বেদ অনুসৰি বাৰিষাৰ সময়ত শৰীৰত বাত আৰু পিত্তৰ পৰিমাণ বাঢ়ে ৷ বিলাহী,তেতেলী,আচাৰ আৰু সেউজীয়া শাকৰ দৰে টেঙাজাতীয় খাদ্যৰ ভক্ষণে শৰীৰত পিত্তৰ পৰিমাণ বৃদ্ধি কৰে ৷ লগতে গাখীৰ বা গাখীৰজাতীয় খাদ্য সেৱন কৰিলে বাতৰ দৰে উপসৰ্গসমূহ বৃদ্ধি হোৱাৰ আশংকা থাকে ৷ তদুপৰি অত্যধিক তেলজাতীয় খাদ্যৰ ভক্ষণে পেটৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

বাৰিষাৰ সময়ছোৱাত শৰীৰৰ হজম শক্তি কিছু পৰিমাণে হ্ৰাস পায় ৷ এই কথাক কেন্দ্ৰ কৰি এই সময়ছোৱাত খাদ্যগ্ৰহণ কৰাত অধিক সচেতন হোৱা উচিত ৷ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি গৰম মচলা সমৃদ্ধ খাদ্য খোৱাৰ প্ৰতি আসক্তি বাঢ়ে যদিও যিকোনো খাদ্য ভক্ষণৰ পূৰ্বে পাচনতন্দ্ৰৰ প্ৰতিও লক্ষ্য ৰখা উচিত ৷ পৰাপক্ষত সেউজীয়া শাক খাদ্য তালিকাৰ পৰা বৰ্জন কৰা উচিত ৷ তদুপৰি কেতিয়াবা ইয়াক পৰিৱেশন কৰিবলগা হ’লেও ভালদৰে ধুই পৰিষ্কাৰ কৰিহে ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা উচিত ৷

লগতে চাওকঃ ৰাফেলৰ সৈতে উৰিব এজন অসম সন্তানৰ সপোন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.