নিউজ ডেস্ক, 20 আগষ্ট : কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰৰ পৰা অৰ্ধ সামৰিক বাহিনীৰ প্ৰায় 10 হাজাৰ জোৱানক তৎকালীনভাৱে উভতাই অনাৰ নিৰ্দেশ প্ৰদান কৰে ৷ বুধবাৰে এই কথা সদৰি কৰে বিভাগীয় কতৃপক্ষই ৷
বিষয়াসকলে কয় যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জম্মু-কাশ্মীৰত নিয়োজিত চি আৰ পি এফ সন্দৰ্ভত এক সমীক্ষা কৰে ৷ যাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
এগৰাকী শীৰ্ষ বিষয়াই কয় যে, অৰ্ধ সামৰিক বাহিনীৰ মুঠ 100 টা কোম্পানীক তৎকালীন ভাৱে উভতিবলৈ নিৰ্দেশ দিয়া হৈছে ৷
নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি, চি আৰ পি এফৰ মুঠ 40 টা কোম্পানী আৰু চি আই এচ এফ, বি এচ এফ আৰু এছ এছ বিৰ 20-20 টাকৈ কোম্পানীক জম্মু কাশ্মীৰৰ পৰা উভতাই অনা হ‘ব ৷
লগতে পঢ়ক : জম্মু-কাশ্মীৰ এনকাউন্টাৰ : নিহত লস্কৰৰ কমাণ্ডাৰসহ তিনি উগ্ৰপন্থী