ETV Bharat / bharat

শীঘ্ৰে সমগ্ৰ দেশজুৰি জাৰি কৰা হ'ব সামগ্ৰিক লক্ ডাউন

শীঘ্ৰে সমগ্ৰ দেশজুৰি জাৰি হ'ব সামগ্ৰিক লক ডাউনৰ নিয়ামাৱলী ৷ 1 ছেপ্তম্বৰৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰাৰ সম্ভৱনা এই নিয়ামাৱলী ৷ সোমবাৰে এক বিশেষ সূত্ৰই প্ৰকাশ কৰে এই কথা ৷

author img

By

Published : Aug 24, 2020, 8:35 PM IST

লক ডাউন
শীঘ্ৰে সমগ্ৰ দেশজুৰি জাৰী কৰা হ'ব সামগ্ৰিক লক ডাউন

নিউজ ডেস্ক, 24 আগষ্টঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে 1 ছেপ্তম্বৰৰ পৰা সমগ্ৰ দেশজুৰি সামগ্ৰিক লক্ ডাউনৰ নিয়ামাৱলী ঘোষণা কৰাৰ সম্ভৱনা আছে বুলি প্ৰকাশ কৰে এক বিশেষ সূত্ৰই ৷ সোমবাৰে সূত্ৰই প্ৰকাশ কৰা অনুসৰি, কিছু সংখ্যক ৰাজ্যই লক্ ডাউনৰ নিজাববীয়া নিয়ামাৱলী বিভিন্ন ৰূপত প্ৰয়োগ কৰাৰ বাবেই সামগ্ৰিক লক্ ডাউনৰ নিয়ামাৱলীৰ আৱশ্যক বুলি সদৰি কৰে বিশেষ সূত্ৰই ৷ ৰাজ্যসমূহৰ লক্ ডাউনৰ নিজাববীয়া নিয়ামাৱলীৰ বাবেই সামগ্ৰীৰ যোগান ক্ষেত্ৰত ব্যঘাত জন্মিছে বুলি প্ৰকাশ কৰে সূত্ৰটোৱে ৷

আনহাতে, কেন্দ্ৰীয় গৃহ সচিব ড৹ অজয় কুমাৰ ভাল্লাই এক পত্ৰযোগে ৰাজ্য চৰকাৰ সমূহক সুনিশ্চিত কৰিবলৈ দিয়ে যে, এই লক ডাউনৰ সময়ত ৰাজ্যসমূহে যাতে কোনো ধৰণৰ অত্যাৱশ্যকীয় তথা পণ্য সামগ্ৰীৰ নাটনি নহয় ৷ তাৰোপৰি ৰাজ্য চৰকাৰে জাৰি কৰা লক্ ডাউনৰ নিয়ামাৱলীৰ বাবেই বিভিন্ন ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ব্যৱস্থাক প্ৰভাৱিত কৰে বুলি মত প্ৰকাশ কৰে ৷ কিন্তু এই সামগ্ৰিক লক ডাউনৰ নিয়ামাৱলী প্ৰয়োগ হোৱাৰ ফলত ৰাজ্যসমূহে এই সমস্যাৰ সন্মুখীন হ'ব লগা নহয় বুলি সদৰি কৰে ৷ এই সামগ্ৰিক লক্ ডাউনৰ নিয়ামাৱলীৰ বাবে ইতিমধ্যে গৃহ আৰু স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, বিহাৰৰ লগতে দেশৰ বহু কেইখন ৰাজ্যত ইতিমধ্যে বিভিন্ন নিৰ্দেশনাৱলীৰে লক ডাউন জাৰী কৰা হৈছে ৷ যাৰ ফলত যোগান ব্যৱস্থাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে ৰাজ্যকেইখনে ৷

লগতে পঢ়কঃ দিল্লীৰ পৰা লণ্ডনলৈ বাছযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.