নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰী: এফালে কৃষকৰ প্ৰতিবাদ,প্ৰতিবাদী কৃষকৰ ওপৰত আৰক্ষীৰ নিৰ্মম অত্যাচাৰ আৰু আনফালে কৃষকৰ শস্যৰ ফচলৰ বাবে ধন আৱন্টন কেন্দ্ৰীয় চৰকাৰৰ । কৃষকৰ শস্যৰ সৰ্বাধিক লাভৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি চমুকৈ পিএমএফবিৱাইৰ অধীনত ১৬০ কোটি টকা আৱণ্টন কৰে । পূৰ্বৰ বিত্তীয় বৰ্ষ ২০২০-২১ ৰ তুলনাত প্ৰায় ৩০৫ কোটি টকাৰ বাজেট বৃদ্ধি কৰা হৈছে । যাতে দেশত কৃষি খণ্ডৰ বিকাশ সাধন হয় আৰু চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰে । এই কথা সংবাদমেল যোগে জনায় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে ।
উল্লেখ্য যে, ২০১৬ চনৰ ১৩ জানুৱাৰীত 'প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি' এই শীৰ্ষক শস্য বীমা আঁচনিখন কেন্দ্ৰ চৰকাৰে অনুমোদন জনাইছিল । এই আঁচনিখনৰ দ্বাৰা কৃষকসকলে তেওঁলোকে উৎপাদিত শস্যৰ বাবে লোৱা ঋণৰ মাহিলী কিস্তিৰ পৰিমাণ হ্ৰাস কৰে । এই আঁচনিৰ বাবে প্ৰত্যেক বছৰে ৫.৫ কোটিৰো অধিক কৃষকে কৰা আবেদন গ্ৰহণ কৰা হয় । লগতে আঁচনিখনৰ পিএমএফবিৱাই পোৰ্টেলৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ ফচলৰ লোকচান হ'লে লগতে ভিন্ন বিষয়ৰ বাবে ৭২ ঘন্টাৰ ভিতৰত সাধাৰণ সেৱা কেন্দ্ৰ বা নিকটৱৰ্তী কৃষি বিষয়াক বিষয় সন্দৰ্ভত অৱগত কৰিব ।
বিগত পাঁচ বছৰে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে গাঁথনিগত,যৌক্তিক আৰু অন্যান্য প্ৰত্যাহ্বানসমূহ পুনঃনিৰীক্ষণ কৰিবলৈ প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ পুনৰ গঠনৰ বাবে ব্যাপকভাৱে প্ৰস্তুতি অব্যাহত ৰাখিছে । এই আঁচনিৰ জৰিয়তে গাঁথনিগত, যৌক্তিক আৰু অন্যান্য প্ৰত্যাহ্বানসমূহ সমাধান কৰা, পিএমএফবিৱাইৰ জৰিয়তে দেশৰ সকলো কৃষকক সহায় কৰাই একমাত্ৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰৰ ।
লগতে পঢ়ক:ৰাজস্থান ভ্ৰমণৰ পূৰ্বে ৰাহুল গান্ধীক আক্ৰমণ স্মৃতি ইৰাণীৰ