স্পৰ্টছ ডেস্ক, 3 জানুৱাৰী : ভাৰতৰ ৰাষ্ট্ৰীয় বেডমিন্টন প্ৰশিক্ষক পুল্লেলা গোপীচান্দে শুকুৰবাৰে মন্তব্য কৰে যে, ট'কিঅ' অলিম্পিক, 2020 ত ভাৰতীয় শ্বাটলাৰে ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ'ব ৷
গোপীচান্দে কয়, "শেহতীয়া বহুকেইখন অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে ভাল প্ৰদৰ্শন আগবঢ়াইছে ৷ এইবাৰ আমাৰ দলত এগৰাকী বিশ্ব চেম্পিয়ন আছে আৰু আশা কৰো ভাল প্ৰস্তুতিৰ জৰিয়তে আমি ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ'ম ৷"
প্ৰশিক্ষকগৰাকীয়ে 'খেলো ইণ্ডিয়া' অনুষ্ঠানক প্ৰশংসা কৰি কয় যে, ই ক্ৰীড়াৰ বাবে এক যোগাত্মক দিশ ৷ এই ক্ৰীড়াৰ ফলত যুৱ খেলুৱৈসকলে নিজক প্ৰমাণ কৰিবলৈ সুবিধা পাব ৷
আৰু পঢ়ক : বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰতীয় খেলুৱৈৰ অনুশীলন