নেশ্যনেল ডেস্ক, ১৮ এপ্ৰিলঃ দেশত COVID- 19ৰ স্থিতি সম্পৰ্কে শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ আবাস গৃহত মন্ত্ৰী গোটৰ এখন বৈঠক অনুষ্ঠিত হয় । কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবেদকাৰ,পীয়ুষ গোৱেল,স্মৃতি ইৰাণী,সন্তোষ গংগবাৰ,ৰমেশ পোখৰিয়াল,ৰাম বিলাস পাছোৱান আৰু গিৰিৰাজ সিঙ বৈঠক খনত উপস্থিত থাকে । ৰাষ্ট্ৰব্য়াপী চলি থকা লক ডাউন ১৪ এপ্ৰিলত সমাপ্ত হোৱাৰ কথা আছিল যদিও,কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই লক ডাউনৰ সীমা ৩ মে'লৈ বৃদ্ধি কৰে । তথাপিও কেন্দ্ৰীয় চৰকাৰে ২০ এপ্ৰিলৰ পিচত কিছুমান ঔদ্যোগিক কাৰ্যকলাপৰ অনুমতি প্ৰদান কৰিছে ।
লগতে পঢ়কঃ দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ মিজোৰামৰ ২,৩৯১ নাগৰিক