নিউজ ডেস্ক, ১৭ জুন : ঋভাৰতৰ অভিলেখকাৰী গোল্ফাৰ ৰাজিদ খানে টকি'অ অলিম্পিকত নিজৰ পাৰদৰ্শিতাৰ বাবে ইতিমধ্যে অনুশীলন আৰম্ভ কৰিছে । কিন্তু তাৰ মাজতে লক ডাউনৰ বাবে খেলুৱৈ গৰাকীয়ে দিল্লী গোল্ফ ক্লাৱত অনুশীলন আৰম্ভ কৰিব নোৱাৰাৰ বাবে অনুশীলনত বাধা হ'ব বুলি উল্লেখ কৰে ।

ইয়াৰ মাজতে খেলুৱৈ গৰাকীয়ে,কেন্দ্ৰীয় খেল মন্ত্ৰী কিৰণ ৰিজিজু,ভাৰতীয় অলিম্পিক সংঘ,ভাৰতীয় খেল প্ৰাধিকৰণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এক পত্ৰ প্ৰেৰণ কৰে ।

উক্ত পত্ৰত খেলুৱৈ গৰাকীয়ে দিল্লী গোল্ফ ক্লাৱত অনুশীলন কৰাৰ বাবে অনুমতি বিচাৰিছে । কিন্তু ক্লাৱৰ সভাপতি আৰ এছ বেদীয়ে জনোৱা অনুসৰি,ৰাজিদে যিহেতু ক্লাৱত আনুষ্ঠানিকভাবে যোগদান কৰা নাই গতিকে খেলাৰ অনুমতি দিয়া নহ'ব । লগতে তেওঁ জনোৱা অনুসৰি,খেলমন্ত্ৰীৰ ফালৰ পৰাও এই ক্ষেত্ৰত বিশেষ সহায় নাপাব কিয়নো ক্লাৱটো নিজৰ নীতি-নিয়মৰে পৰিচালিত হয় ।

লগতে পঢ়ক : ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত নুনমাটিত আছুৰ প্ৰতিবাদ