ETV Bharat / bharat

সোণৰ দামে ৰচিলে সৰ্বকালৰ সৰ্বোচ্চ দামৰ অভিলেখ - 38,470 টকা

প্ৰতি 10 গ্ৰাম 50 টকাকৈ মূল্য বৃদ্ধি হোৱাত সোণৰ নতুন নিৰিখ হল 38,470 টকা ৷ ইয়াৰ বিপৰীতে প্ৰতি কিলোগ্ৰাম ৰূপত 1,150 টকা হ্ৰাস পোৱাত প্ৰতি কিলোগ্ৰাম ৰূপৰ নতুন নিৰিখ হল 43,000 টকা ৷

সোনৰ দামে ৰচিলে সৰ্বকালৰ সৰ্বোচ্চ দামৰ অভিলেখ
author img

By

Published : Aug 12, 2019, 7:02 PM IST

Updated : Aug 12, 2019, 7:10 PM IST

নেশ্বনেল ডেস্ক,12 আগষ্ট: ৰাষ্ট্ৰীয় বজাৰত পুনৰ বৃদ্ধি পালে সোণৰ মূল্য ৷ সোমবাৰে সৰ্বকালৰ সৰ্বোচ্চ দামৰ অভিলেখ ৰচিলে সোণৰ দামে ৷ All India Sarafa Association য়ে জনোৱা তথ্য অনুসৰি প্ৰতি 10 গ্ৰামত 50 টকাকৈ মূল্য বৃদ্ধি হোৱাত সোণৰ নতুন নিৰিখ হল 38,470 টকা ৷ ইয়াৰ বিপৰীতে প্ৰতি কিলোগ্ৰাম ৰূপত 1,150 টকা হ্ৰাস পোৱাত প্ৰতি কিলোগ্ৰাম ৰূপৰ নতুন নিৰিখ হ'ল 43,000 টকা ৷

উল্লেখ্য যে সোণৰ বজাৰৰ বিশ্লেষকৰ মতে সমগ্ৰ বিশ্বতে সোনৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবেই ৰাষ্ট্ৰীয় পৰ্যায়তো বৃদ্ধি পাইছে সোণৰ মূল্য ৷ উল্লেখ্য যে চীনৰ লগত হোৱা বাণিজ্যিক সংঘাতৰ পাছতেই শুকুৰবাৰে চীনৰ লগত আমেৰিকাই পুনৰ বাণিজ্য আৰম্ভ কৰিবলৈ প্ৰস্তুত নহয় বুলি মন্তব্য কৰিছিল ৰাষ্ট্ৰপতি ডনান্ড ট্ৰাম্পে ৷ আৰু আমেৰিকাবাসীক সোণ জাতীয় সামগ্ৰীত অধিক ধন নিয়োগ কৰিবলৈ আহ্বান জনাইছিল আৰু ইয়াৰ পাছতেই সোমবাৰে আভাৱনীয় ভাৱে বৃদ্ধি পাই সোণৰ মূল্য ৷

Intro:Body:

c

Conclusion:
Last Updated : Aug 12, 2019, 7:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.