নেশ্যনেল ডেস্ক, 22 অক্টোবৰ: জম্মু-কাশ্মীৰ ইউনিটী ফাউণ্ডেছনে বৃহস্পতিবাৰে ভাৰত চৰকাৰক পাকিস্তানৰ বিৰুদ্ধে নৃশংসতাৰ বাবে আন্তৰ্জাতিক চেঞ্চৰ সুনিশ্চিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতত আবেদন জাৰি কৰিবলৈ দাবী উত্থাপন কৰে ৷ 1947 চনত ভাৰতক আক্ৰমণ কৰিবৰ বাবে জেহাদৰ শ্ল'গানেৰে জনজাতীয় লোকসকলক পাকিস্তানে সাজু কৰি তোলাৰ অভিযোগ উত্থাপন কৰি এই দাবী জনায় জম্মু-কাশ্মীৰৰ লোকসকলে ৷
স্বেচ্ছাসেৱী সংগঠনটোৱে 22 অক্টোবৰৰ দিনটোক ক'লা দিৱস হিচাপে অভিহিত কৰিছে ৷ কিয়নো পাকিস্তানী সেনাই 1947 চনত কাশ্মীৰ আক্ৰমণ কৰিছিল, যাতে কাশ্মীৰক নিজৰ পৰিসৰলৈ আনিব পাৰে ৷