ETV Bharat / bharat

কৰ'ণা ভাইৰাছৰ শেহতীয়া তথ্য

author img

By

Published : Apr 3, 2020, 1:08 PM IST

অব্যাহত আছে কৰ'ণাৰ আতংক ৷ বিশ্বজুৰি কৰ'ণা ভাইৰাছে সৃষ্টি কৰিছে অচলাৱস্থা ৷ দহ লক্ষাধিক মানুহ কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে অৰ্ধ লক্ষাধিকে মৃত্যুক আঁকোৱালি লৈছে ৷ আমেৰিকাত সৰ্বাধিক লোক কৰ'ণাৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ আনহাতে ইটালী আৰু স্পেইনত দহ সহস্ৰাধিক লোক মৃত্যুক আঁকোৱালি লৈছে ৷ পৃথিৱীৰ প্ৰায় দুই পঞ্চমাংশ লোক গৃহবন্দী হৈ ৰৈছে বৰ্তমান সময়ত ৷

Global COVID-19 tracker
Global COVID-19 tracker

নিউজ ডেস্ক, 3 এপ্ৰিল : সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ লোৱা কৰ'ণা ভাইৰাছত বৰ্তমানলৈকে আক্ৰান্ত হৈছে 1,016,424 গৰাকী লোক ৷ কৰ'ণা আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যা হৈছে 53,241 গৰাকী ৷ আনহাতে বিশ্বজুৰি কৰ'ণাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে 213,141 গৰাকী ৷

এই গণনাত নিশ্চিত আক্ৰান্তৰ সংখ্যাহে প্ৰকাশ কৰা হৈচে যদিও ইয়াতকৈও অধিক লোক আক্ৰান্ত হোৱা বুলি বিশ্বাস কৰা হয় ৷ হোৱাইট হাউচৰ কৰ'ণা ভাইৰাচ টাস্ক ফ'ৰ্চৰ বিষয়া ডঃ দেবৰাহ বাৰ্ক্ যে জনোৱা মতে আক্ৰান্তৰ তথ্যই এই কথা প্ৰকাশ কৰে যে আমেৰিকান সকলে এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ৰাষ্ট্ৰীয় কল টু এক্সনৰ নিৰ্দেশনা মানি চলা নাই ৷

Global COVID-19 tracker
কৰ'ণা ভাইৰাছৰ শেহতীয়া তথ্য

অধিকাংশ লোকৰ দেহত কৰ'ণা ভাইৰাচৰ সাধাৰণ লক্ষণ সমূহ যেনে, কাহ,জ্বৰ আদি দেখা পোৱা গৈছে ৷ বিশেষকৈ বৃদ্ধ আৰু ৰোগগ্ৰস্ত লোকৰ বাবে ই মৃত্যুৰ কাৰক হৈ উঠিছে ৷ অৱশ্যে বৰ্তমান যঠেষ্ট সংখ্যক লোক ইয়াৰ পৰা সুস্থ হৈ উঠিছে ৷

এই ৰোগৰ সংক্ৰমণ ৰোধ একমাত্ৰ উপায় হৈছে নিজৰ দুয়োখন হাত চাবোন, পানী আদিৰে চাফা কৰি ৰখা ৷ আমেৰিকাৰ ৰোগ প্ৰতিৰোধ আৰু সজাগতা কেন্দ্ৰৰ পৰামৰ্শ মতে প্ৰথমে গৰম অথবা ঠাণ্ডা পানীৰে হাত দুখন ধুব লাগে আৰু তাৰ পাচত চাবোনেৰে প্ৰায় 20 চেকেণ্ড হাতৰ তলুৱা, আঙুলিৰ মাজ অংশ, নখ আদি ঘঁহিব লাগে ৷

লগতে পঢ়ক : কভিড 19 ৰ ৰোগীৰ বাবে সাজু ভাৰতীয় ৰে'লৱে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.