ETV Bharat / bharat

উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন:উদ্ধাৰ অভিযান অব্য়াহত

author img

By

Published : Feb 7, 2021, 3:36 PM IST

হিমস্খলনৰ ফলত উত্তৰাখণ্ডত ভয়ংকৰ বানপানী ৷ হিমস্খলনে ভাঙি নিলে ধৌলিগংগা নদীৰ বান্ধ ৷ বানে উটুৱাই নিছে অঞ্চলটোৰ বাসগৃহ সমূহৰ লগতে বহু লোকক ৷ সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে গংগাৰ পাৰৰ বস্তিসমূহ ইতিমধ্যে খালী কৰাৰ ব্যৱস্থা কৰা হৈছে ৷

glacier burst in Uttarakhand
glacier burst in Uttarakhand

নেচনেল ডেস্ক, 7 ফেব্ৰুৱাৰী: উত্তৰাখণ্ডৰ যোশীমঠত হিমবাহ ভঙাৰ ফলত ধৌলিগংগা নদীৰ বান্ধ ভাঙি ভয়ংকৰ বানৰ সৃষ্টি হৈছে ৷ এই ভয়ংকৰ জলপ্ৰলয়ৰ ঘটনাত বহু লোক উটি যোৱাৰ তথ্য লাভ কৰা হৈছে ৷ হিম বিষ্ফোৰণৰ পাচতে বান্ধ ভাঙি যোৱাত অঞ্চলটোৰ তলৰ অংশত বাস কৰা লোকসকল এই বানত উটি যায় ৷

সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে গংগাৰ পাৰৰ বস্তিসমূহ খালী কৰাই থকা হৈছে

জানিব পৰা মতে, উত্তৰাখণ্ডৰ চামেলি জিলাস্থিত যোশীমঠ - বদ্ৰীনাথ অঞ্চলত হিমস্খলনে ভয়ংকৰ বানৰ সৃষ্টি কৰিছে ৷ সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে বৰ্তমান গংগা নদীৰ কাষৰ বস্তি সমূহ জৰুৰীকালীনভাৱে খালী কৰিবলৈ দিয়া হৈছে ৷ অঞ্চলটোৰ লোকসকলক বিপদৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে প্ৰশাসনে ৰাইজক বিষ্ণুপ্ৰয়াগ, কৰ্ণপ্ৰয়াগ, ৰুদ্ৰপ্ৰয়াগ, শ্ৰীনগৰৰ পৰা হৃষিকেশ, হৰিদ্বাৰ আৰু অলকানন্দা তথা গংগা নদীৰ কাষলৈ নাযাবৰ বাবে আহ্বান জনাইছে ৷

হিম বিস্ফোৰণৰ ফলত হোৱা জলপ্ৰলয়ৰ কথা নিশ্চিত কৰি উত্তৰাখণ্ডৰ কেবিনেট মন্ত্ৰী মদন কৌশিকে ইটিভি ভাৰতক জানিবলৈ দিয়ে যে, এই হিম বিস্ফোৰণৰ ফলত বিশেষকৈ হৰিদ্বাৰ আৰু হৃষিকেশত বিপদৰ আশংকা কৰা হৈছে ৷

লগতে পঢ়ক: এইবাৰ যৌতুকৰ বলি সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ মহিলা বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.