তেজপুৰ, ২৯ মে': জিঅ'লজিকেল চাৰ্ভে অৱ ইণ্ডিয়া চমুকৈ জি এচ আই-য়ে উত্তৰ পূৰ্বাঞ্চল থকা ভাৰত বৰ্ষৰ বিভিন্ন বৈজ্ঞানিক সকলক লৈ ই-প্ৰশিক্ষণৰ আয়োজন কৰে ৷
পেন ইণ্ডিয়া ভূ-বৈজ্ঞানিকৰ কাৰ্যসূচীৰ জৰিয়তে যোৱা ১৯ মে' ৰ পৰা সমগ্ৰ দেশতে লক ডাউনৰ ফলত ভিডিঅ' কল যোগেই প্ৰশিক্ষণৰ আয়োজন কৰিব লগীয়া হয় ৷
১৮৫১ চনত গঠন হোৱা জি এচ আইৰ এক সুকীয়া প্ৰশিক্ষন কেন্দ্ৰ আছে যদিও COVID-19 ৰ বাবে বৈজ্ঞানিক সকলৰ মাজত নতুন শ্ৰেনীৰ আয়োজন কৰা অসুবিধাৰ সৃষ্টি হৈছিল ৷ পূৰ্বতে কয়লা আৰু ৰে'ল বিভাগৰ মাজে তেওঁলোকৰ কাম সীমাবদ্ধ আছিল ৷
হাইদৰাবাদৰ মুখ্য কাৰ্যালয়ৰ পৰা দেশৰ সকলো ঠাইকে সংযোগ কৰি প্ৰশিক্ষন প্ৰদান কৰে এই সংস্থায় । পৰবৰ্তী সময়ত ১৯৭৬ চনত ইয়াৰ সুকীয়া ট্ৰেইনিং ইনষ্টিটিউতৰ গঠন হয় ৷ সংস্থাৰ উপ সঞ্চালক ভেংকটেচে এই প্ৰশিক্ষন আৰম্ভ কৰে আৰু বৰ্তমান সমগ্ৰ ভাৰততে বৈজ্ঞানিক সকলে ই-লাৰ্নিংৰ জৰিয়তে প্ৰশিক্ষন গ্ৰহন কৰি আছে বুলি জানিব দিয়ে ৷
এই প্ৰশিক্ষণৰ জৰিয়তে মিনাৰেল উদ্যোগ, কৃষি ,পৰিবেশ আৰু বনাঞ্চলৰ বাবে সহায় হ'ব বুলি জানিব দিয়ে ।