ETV Bharat / bharat

গিৰনাৰ ৰ'পৱেৰ জড়িয়তে পুনৰ সংস্থাপনৰ সুবিধা মুকলি হ'বঃ মোডী

author img

By

Published : Oct 24, 2020, 6:25 PM IST

গুজৰাটৰ গিৰনাৰত ৰ'পৱে মুকলি কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰে যে অন্যান্য সা সুবিধাৰ লগতে এই ৰ'পৱেৰ জড়িয়তে স্থানীয় লোক সকলৰ বাবে সংস্থাপনৰো বাট মুকলি কৰিব ৷ ভিডিঅ' লিংকৰ জড়িয়তে প্ৰধান মন্ত্ৰী গৰাকীয়ে গুজৰাটৰ অন্য দুটা প্ৰকল্পৰো উদ্বোধন কৰে ৷

গিৰনাৰ ৰ'পৱেৰ জড়িয়তে পুনৰ সংস্থাপনৰ সুবিধা মুকলি হ'ব : মোডী

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ: শনিবাৰে গুজৰাটৰ গিৰনাৰত ৰ'পৱে উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে এই ৰ'পৱেৰ জড়িয়তে অঞ্চলটোৰ লোকসকলে বহুতো সুবিধা লাভ কৰাৰ উপৰিও সংস্থাপনৰ বাবেও বহুতো পথ মুকলি কৰিব ৷ গিৰনাৰ ৰ'পৱেৰ লগতে প্ৰধান মন্ত্ৰী গৰাকীয়ে ভিডিঅ' লিংকৰ জড়িয়তে গুজৰাটৰ অন্য দুটা প্ৰকল্প উদ্বোধন কৰে ৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে "গিৰনাৰ পাহাৰত দেৱী অম্বা আছে ৷ গ'ৰখনাথ শিখৰ, গুৰু দত্তত্ৰেয় শিখৰ আৰু জৈন মন্দিৰো গিৰনাৰ পাহাৰত আছে ৷ মন্দিৰৰ খটখটি বগাই পাহাৰৰ শিখৰলৈ যোৱা লোকসকলে এক আশ্চৰ্যকৰ শক্তি আৰু শান্তিৰ অভিজ্ঞতা লাভ কৰে ৷ এতিয়া বিশ্ব মানদণ্ডৰ ৰ'পৱে ইয়াত স্থাপন হোৱাৰ লগে লগে সকলোৱে পাহাৰ দৰ্শন কৰাৰ সুবিধা লাভ কৰিব ৷"

তেওঁ লগতে কয় যে, "মই এই কথাক লৈ আনন্দিত যে গিৰনাৰ ৰ'পৱে আৰম্ভ হোৱাৰ বাবে এতিয়া ৰাইজে যথেষ্ট সুবিধা লাভ কৰাৰ লগতে এই অঞ্চলৰ স্থানীয় লোকসকলৰ বাবে সংস্থাপনৰ বাট মুকলি হ'ব ৷"

তথ্য অনুসৰি প্ৰতিটো কেবিনতে 8 গৰাকী লোক কঢ়িয়াই নিব পৰা 25-30 টা কেবিন এই ৰ'পৱেত থাকিব ৷ 2.3 কিলোমিটাৰ দুৰত্ব এতিয়া মাত্ৰ 7.5 মিনিটতে পাৰ হ'ব পৰা যাব ৷ ইয়াৰ উপৰিও এই ৰ'পৱেৰ জড়িয়তে যাত্ৰী সকলে গিৰনাৰ পাহাৰক আৱৰি ৰখা সেউজীয়াৰ সুন্দৰ দৃশ্যৰাজি উপভোগ কৰিব পাৰিব ৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে ৰাজ্যখনত পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে ৷ তেওঁ কয়,"ক'ভিড অতিমাৰীৰ ত্ৰাস আৰম্ভ হোৱাৰ পূৰ্বে 45 লাখতকৈও অধিক লোকে একতাৰ মূৰ্তি দৰ্শন কৰিছে ৷ এতিয়া পুনৰ দৰ্শনৰ মুকলি কৰি দিয়াৰ লগে লগে দ্ৰুতগতিত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে ৷

তেওঁ লগতে মন্তব্য কৰে যে, "শেহতীয়াকৈ শিৱৰাজপুৰ তটে এক আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিছে ৷ এনেধৰনৰ স্থানসমূহৰ উন্নয়নত মনোনিৱেশ কৰাৰ লগে লগে পৰ্যটক সকল আকৰ্ষিত হ'ব আৰু ইয়াৰ জড়িয়তে সংস্থাপনৰ বাটো মুকলি হ'ব ৷"

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, কৃষক সূৰ্যোদয় আঁচনি, পিডিয়াট্ৰিক হাৰ্ট হস্পিটেল আৰু গিৰনাৰ ৰ'পৱে গুজৰাটৰ সাহস, ভক্তি আৰু স্বাস্থ্যৰ প্ৰতীক ৷

লগত পঢ়ক: বিহাৰত প্ৰধানমন্ত্ৰী মোডী, ৰাহুল গান্ধীৰ পৃথকে পৃথকে নিৰ্বাচনী প্ৰচাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.