ETV Bharat / bharat

কৰ'ণা ভাইৰাছঃকলি যুগক দোষিলে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে - কৰ'ণা ভাইৰাছঃকলি যুগক দোষিলে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ মিশ্ৰই কৰ'ণা ভাইৰাছ সন্দৰ্ভত কৰা এক অস্বাভাৱিক মন্তব্যই দৃষ্টি কাঢ়িছে সকলোৰে ৷ তেওঁৰ মতে, "কলিযুগৰ বাবে কৰ'ণা ভাইৰাছৰ প্ৰকোপ বাঢ়িছে ৷ কৰ'ণা ভাইৰাছ নিয়ন্ত্ৰণ কৰিবৰ বাবে এতিয়া হ'ব এখন দীঘলীয়া যুঁজ ৷ "

'Ghor Kalyug' led to outbreak of coronavirus, says SC Judge
কৰ'ণা ভাইৰাছঃকলি যুগক দোষিলে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে
author img

By

Published : Mar 19, 2020, 11:50 AM IST

নিউজ ডেস্ক,19 মাৰ্চঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে বুধবাৰে কৰ'ণা ভাইৰাছ সন্দৰ্ভত কৰে এক অস্বাভাৱিক মন্তব্য ৷ এয়া ঘোৰ কলিযুগ বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ মিশ্ৰৰ ৷ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য মতে,বুধবাৰ পৰ্যন্ত বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ ফলত মৃত্যুৰ সংখ্যা 8,000 চুইছে ৷ সমান্তৰালভাৱে 2,00,000তকৈ অধিক ব্যক্তি কৰ'ণা ভাইৰাছ পজিটিভ হিচাপে চিহ্নিত হৈছে৷

ভাৰততো 150 টাতকৈ অধিক কোভিদ-19ৰ ঘটনা পোহৰলৈ অহাৰ বিপৰীতে ইতিমধ্যে এই ভাইৰাছৰ ফলত তিনিজনৰ মৃত্যু হৈছে ৷শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ মিশ্ৰই কৰ'ণা ভাইৰাছ সন্দৰ্ভত কৈছে যে, কলিযুগৰ বাবে কৰ'ণা ভাইৰাছৰ প্ৰকোপ বাঢ়িছে ৷ কৰ'ণা ভাইৰাছ নিয়ন্ত্ৰণ কৰিবৰ বাবে এতিয়া হ'ব এখন দীঘলীয়া যুঁজ ৷ তেওঁ এগৰাকী অধিবক্তাৰ প্ৰশ্নোত্তৰত কয়, "এনেধৰণৰ মহামাৰী প্ৰত্যেক 100 বছৰৰ মূৰে মূৰে হৈ আহিছে ৷ এই ঘোৰ কলিযুগত ভাইৰাছৰ লগত যুঁজ দিয়াটো যথেষ্ট টান ৷ লগতে তেওঁ কয়, কেৱল চৰকাৰে নহয় এই ভাইৰাছৰ সৈতে যুঁজ দিব লাগিব প্ৰত্যেকজনেই ৷ যদি প্ৰত্যেকে ব্যক্তিগত ধৰণে এই ভাইৰাছ ৰোধ কৰাৰ চেষ্টা কৰে তেতিয়াহে এই ভাইৰাছৰ নিয়ন্ত্ৰণ সম্ভৱ হ'ব ৷ "

লগতে পঢ়কঃকচুগাঁৱত অনুষ্ঠিত যুৱ সমাৰোহত তিনি সহস্ৰাধিকৰ যোগদান বিপিএফত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.