ETV Bharat / bharat

এইকেইটা যোগাসনেৰে উজলি উঠক

মসৃণ আৰু উজ্জ্বল বুলি মেক আপৰ তৰপেৰে ছাল ঢাকি ছ’চিয়েল মিডিয়াত দেখুওৱাৰ প্ৰৱণতা ক্ৰমশঃ বৃদ্ধি পাইছে । কেইটামান সাধাৰণ যোগাসনেৰে যেতিয়া আপুনি প্ৰাকৃতিকভাৱে উজ্জলতা লাভ কৰিব পাৰে তেন্তে কিয় মেক আপ কৰি আপোনাৰ ছাল নষ্ট কৰিব লাগে? আমাৰ প্ৰশিক্ষক তথা যোগাচাৰ্য, বিমল যোগৰ প্ৰতিষ্ঠাপক ৰিংকি আচাৰ্যই কেইটামান উপকাৰী আসনৰ বিষয়ে ব্যাখ্যা কৰিছে । আসনসমূহ অভিজ্ঞ লোকৰ পৰ্যবেক্ষণতহে কৰিব ।

author img

By

Published : Jul 23, 2020, 1:34 PM IST

Get Glowing With These Yoga Asan
Get Glowing With These Yoga Asan

পশ্চিমত্তানাসন (আগফালে হাউলি বহা) :

এই আসনৰ ফলত মুখলৈ তেজ চলাচল হয় । ইয়াৰ দ্বাৰা কেৱল মুখৰ কোষলৈ অক্সিজেনৰ যোগান ধৰাই নহয়, ইয়াৰ ফলত পুষ্টিও লাভ কৰে । ফলত ছালত হোৱা ক্ষতিসমূহ দূৰ কৰি জীপাল কৰি তোলে । মজিয়াত বহি আপোনাৰ ভৰি দুখন সন্মুখলৈ চিধাকৈ মেলি ৰাখক । ইয়াৰ লগতে ৰাজহাড় পোনাই বহিব । উশাহ লওক আৰু আপোনাৰ বাহু মূৰৰ ওপৰলৈ ডাঙক । উশাহ এৰি দিয়াৰ লগে আগফালে হাউলিবলৈ চেষ্টা কৰক । ভৰিৰ আঙুলি স্পৰ্শ কৰাৰ বাবে চেষ্টা কৰক । যিমান দূৰ পাৰে সিমানখিনিহে চেষ্টা কৰিব । জোৰকৈ ভৰিৰ আঙুলি স্পৰ্শ কৰিব নুখুজিব । এতিয়া উশাহ লওক আৰু আগৰ অৱস্থালৈ ঘূৰি আহক । এয়া দুই-তিনিবাৰলৈ কৰি থাকক । ২০-৬০ ছেকেণ্ডৰ বাবে আগফালে হাউলি থাকক । গভীৰভাৱে উশাহ লওক আৰু লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহক ।

Get Glowing With These Yoga Asanas
যোগাসনেৰে উজলি উঠক

চক্ৰাসন :

ভালকৈ পিচমুৱা হোৱা এই আসনে আমাৰ কামিহাড় মুকলি কৰাৰ লগতে আমাৰ হাওঁফাওঁৰ অক্সিজেন গ্ৰহণ কৰিব পৰা ক্ষমতা বৃদ্ধি কৰে । এই আসনে মানসিক চাপ গ্ৰাস কৰে আৰু শৰীৰত হৰমনৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে । অনিয়ন্ত্ৰিত হৰমনৰ ফলতেই মুখত দাগ আৰু শালমন দেখা পোৱা যায় ।

Get Glowing With These Yoga Asan
যোগাভ্যাস অভিজ্ঞ লোকৰ পৰ্যবেক্ষণতহে কৰিব

পিছলৈ হালি পৰক :

আঁঠু বেঁকা কৰক যাতে নিতম্বৰ লগত সমান্তৰালকৈ আপোনাৰ ভৰি দুখন থাকে । হাত দুখন আপোনাৰ কান্ধত ৰাখক । হাত দুখন কান্ধত এনেদৰে ৰাখিব যাতে আঙুলিবোৰ আপোনাৰ মুখৰ দিশে হয় । এতিয়া আপোনাৰ শৰীৰটো ভৰি আৰু হাতৰ তলুৱাৰে নিয়ন্ত্ৰণত ৰাখক । শৰীৰৰ তলৰ অংশ পাৰি থোৱা কাপোৰখনৰ পৰা ওপৰত ৰাখক। মূৰটো একোৰে সহায় নোহোৱাকৈ ওলোমাই ৰাখক যদিও ডিঙিত হেঁচা নিদিব । এই অৱস্থানটো পাঁচ দহ মিনিটৰ বাবে ধৰি ৰাখক । লাহে লাহে স্বাভাৱিক অৱস্থালৈ আহক । যদি পৰি যায় তেতিয়া আপুনি মূৰত আঘাত পোৱাৰ শংকা থাকে ।

Get Glowing With These Yoga Asanas
সুস্থ শৰীৰ সুস্থ মন

সৰ্বাংগাসন :

উজ্জ্বল ছালৰ বাবে এই আসনটোক আটাইতকৈ উপকাৰী যোগাসন বুলি কোৱা হয় । এই আসনে আপোনাৰ ছাল তথা ইয়াৰ গুণ বৃদ্ধিত সহায় কৰে । কাৰণ ইয়াৰ জৰিয়তে মুখলৈ ৰক্ত সঞ্চালন ঘটে । এই আসন দৈনিক তিনিৰ পৰা পাঁচবাৰলৈ কৰিলে শালমন, দাগ, ৰেখা, জড়তা আদিৰ পৰা আপোনাৰ মুখখন মুক্ত থাকিব । কাষত হাত দুখনৰে হেলান দি বহি লওক । এবাৰ লৰাই ভৰি দুখন দাঙক । শৰীৰৰ ভৰ কান্ধত দি পিছফাল আৰু নিতম্ব ওলোমাই ৰাখক । হাত দুখন পিঠিৰ পিনে লৈ যাওক আৰু কিলাকুটি ওচৰা-উচৰি কৰক । ভৰি দুখন চিধা আৰু ওচৰা-উচৰিকৈ ৰাখক । আঙুলিবোৰ যাতে ওপৰমুৱা হৈ থাকে সেয়া মন কৰিব । যদি আপুনি কিবা কষ্ট পাইছে স্বাভাৱিক অৱস্থালৈ উভতি আহক । অন্যথা একেই অৱস্থাত ৩০ ৰ পৰা ৬০ ছেকেণ্ডলৈ থাকিব পাৰে । লাহে লাহে আঁঠু ভাঁজ কৰি ভৰ দিব, হাতৰ তলুৱা মজিয়াত ৰাখিব আৰু তাৰ পাচত পিঠি, নিতম্ব আৰু ভৰিও মজিয়াত ৰাখিব ।

Get Glowing With These Yoga Asanas
যোগাভ্যাস গঢ়ি তোলক

হলাসন :

মনটোক শান্ত কৰি ৰাখিবলৈ হলাসন হৈছে শ্ৰেষ্ঠ উপায় । ইয়াৰ ফলত মানসিক চাপ, ভাগৰ হ্ৰাস পোৱাৰ লগতে পাচন প্ৰক্ৰিয়া উন্নত হয় । এই সকলোবোৰ সমস্যাৰ প্ৰতিফলন আপোনাৰ ছালত দেখা যায় আৰু সেইবোৰৰ পৰা আৰোগ্য লাভ কৰিলে আপোনা আপুনি ছাল বা মুখত উজ্জ্বলতা আহে । এই আসনে শৰীৰত মেটাবলিজম নিয়ন্ত্ৰণত ৰাখে আৰু শৰীৰৰ বিষাক্ত দ্ৰব্যবোৰক আঁতৰ কৰে । এই আসনটো সাধাৰণতে সৰ্বাংগাসনৰ পাচত কৰা হয় । সৰ্বাংগাসন কৰাৰ পাচত স্বাভাৱিক অৱস্থালৈ ঘূৰি যোৱাৰ সলনি আপুনি চিধাকৈ থকা ভৰি দুখন লাহে লাহে মূৰৰ পিনে লৈ আহক । ভৰি দুখন মূৰৰ পিনে এনেদৰে লৈ আহক যাতে আপোনাৰ নিতম্ব ঊৰ্ধমুখী হৈ থাকে । সহায়ৰ বাবে আপুনি হাত দুখন পিঠিত বা মজিয়াত ৰাখিব পাৰে । হাত দুখন মুঠি মাৰি ভৰিৰ বিপৰীত দিশতো হাত দুখন পোনকৈ ৰাখিব পাৰে । যিমান সময় পাৰে সিমান সময় আপুনি এই অৱস্থাত থাকিব পাৰে । লাহে লাহে ভৰি দুখন চিধা কৰিবলৈ ল’ব । হাতৰ তলুৱা মজিতাত ৰাখিব, ভৰি, নিতম্ব মজিয়াত ৰাখি স্বাভাৱিক অৱস্থালৈ উভতি আহক ।

Get Glowing With These Yoga Asanas
যোগাসনেৰে উজলি উঠক

এনেদৰেই এই সকলোবোৰ আসনে ৰাসায়নিক প্ৰসাধন বা সামগ্ৰীয়ে দিব নোৱৰা স্বাভাৱিক উজ্জ্বলতা আপোনাৰ ছালক দিব পাৰে । আহক নিৰাপদে যোগাসন উপভোগ কৰোঁ ।

লগতে পঢ়ক : বিশ্ব মস্তিস্ক দিৱস ২০২০

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.