নিউজ ডেস্ক, 1 নৱেম্বৰঃ দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে ভাৰতত উপস্থিত হয় জাৰ্মানীৰ চেঞ্চেলৰ এঞ্জেলা মাৰ্কেল ৷ দুয়োখন দেশৰ বৈদেশিক সম্পৰ্কক তৰান্বিত কৰাৰ উদ্দেশ্যে এই ভ্ৰমণ জাৰ্মানীৰ চেঞ্চেলৰ গৰাকীৰ ৷ দুয়োখন দেশৰ মাজত দক্ষতা বিকাশ,পৰিৱেশ,বহনক্ষম উন্নয়নসহ প্ৰায় 20 খনকৈ চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা ৷
ইপিনে,শুকুৰবাৰে পুৱাই চেঞ্চেলৰগৰাকী উপস্থিত হয় ৰাষ্ট্ৰপতি ভৱনত ৷ ৰাষ্ট্ৰপতি ভৱনত তেওঁক প্ৰধানমন্ত্ৰী মোদীয়ে আদৰণি জনায় ৷ ৰাষ্ট্ৰপতি ভৱনত জাতিৰ পিতা মহত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে চেঞ্চেলৰ এঞ্জেলা মাৰ্কেলে ৷ এঞ্জেলা মাৰ্কেলে কয় যে, মই ভাৰতত উপস্থিত হৈ যথেষ্ট সুখী ৷ ভাৰত-জাৰ্মানীৰ সম্পৰ্ক অতীতৰে পৰাই যথেষ্ট সৌহাদ্যমূলক ৷ এইখন দেশৰ বিভিন্ন ভাষা-সংস্কৃতিক আমি সন্মান কৰো ৷ উল্লেখ্য যে,বৃহস্পতিবাৰে ভাৰতত উপস্থিত হোৱা চেঞ্চেলৰ এঞ্জেলা মাৰ্কেলক আদৰণি জনাই প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে ৷