নতুন দিল্লী, 8 মে' : ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত নিজৰ লক্ষ্যৰ কথা প্ৰকাশ কৰে গৌতম গম্ভীৰে৷ পূব দিল্লীৰ সাংসদৰূপে নিৰ্বাচিত হ'লে স্বচ্ছতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব বুলি প্ৰকাশ কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে৷
আম আদমী পাৰ্টীৰ শাসনকালত দিল্লীত কেবল প্ৰতিবাদ আৰু ধৰ্ণাহে দেখা পোৱা গ'ল৷ উন্নয়নৰ কোনো গুৰুত্বপূৰ্ণ আঁচনি তথা দিল্লীৰ প্ৰধান সমস্যা প্ৰদূষণ ৰোধ কৰিবলৈ কোনো ব্যৱস্থাই আম আদমী পাৰ্টীয়ে নোলোৱা বুলিও কেজৰিৱালক কটাক্ষ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে৷