নিউজ ডেস্ক, 18 আগষ্ট : উত্তৰ প্ৰদেশৰ কানপুৰত আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হোৱা গেষ্টাৰ বিকাশ ডুবেৰ মৃত্যুৰ প্ৰায় ডেৰ মাহৰ পিচত মঙলবাৰে বিকাশ ডুবেৰ পত্নী ৰিচা ডুবেই জ্যেষ্ঠ পুত্ৰ আৰু উকীলৰ সৈতে স্বামীক সৎকাৰ কৰা কানপুৰৰ ভৈৰৱ ঘাটত উপস্থিত হয় ৷ স্বামীৰ চিতাভস্ম সংগ্ৰহ কৰি হৰিদ্বাৰত বিসৰ্জন দিয়াৰ ইশ্চাৰে উক্ত স্থানত উপস্থিত হয় তেওঁলোকে ৷
তথ্য অনুসৰি, মঙলবাৰেই ৰিচা ডুবেই স্বামীৰ মৃত্যুৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিবলৈ ভৈৰৱ ঘাটৰ নগৰ নিগম কাৰ্যালয়ত উপস্থিত হৈছিল কিন্তু আধৰুৱা হৈ থকা দস্তাবেজৰ কাৰণে তেওঁ সেই প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিব নোৱাৰিলে ৷
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ এক এনকাউন্টাৰত কানপুৰৰ চক্ৰ বিষয়াসহ 8 জন আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰা বিকাশ ডুবে ঘটনা সংঘটিত কৰা দিনৰ পৰাই পলায়ন কৰি আছিল ৷ বিক্ৰু গাঁৱৰ বাসিন্দা বিকাশ ডুবেৰ বিৰুদ্ধে 60 টাকৈ অপৰাধমূলক গোচৰ ৰুজু হৈ আছে ৷ হত্যা, ডকাইতি, অপৰহৰণকে ধৰি 2001 চনত বিজেপি নেতা সন্তোষ শুক্লাক শিৱলি আৰক্ষী থানাত হত্যা কৰাৰ গোচৰ আছে বিকাশ ডুবেৰ বিৰুদ্ধে ৷ কিন্তু কোনো সাক্ষ্য প্ৰমাণ নথকাৰ বাবে সেই সময়ত তেওঁক জিলা আদালতে মুক্তি দিছিল ৷
লগতে পঢ়ক : বিশুদ্ধ খোৱাপানীৰ অভাৱত দিন কটাইছে বাক্সাৰ ২ নং ডোঙাৰ গাঁওবাসীয়ে