নিউজ ডেস্ক, 12 ছেপ্তেম্বৰঃ প্ৰায় 200 বছৰ বৃটিছৰ উৎপীড়নৰ সন্মুখীন হোৱাৰ পাচত 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা অৰ্জন কৰে ৷ দেশ স্বাধীনৰ হকে লক্ষ লক্ষ জনতাই আত্মত্যাগ কৰিছিল ৷ আজি আমি স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সক্ষম হৈছো কেৱল মাত্ৰ সেই সকল মুক্তিযোদ্ধাৰ কাৰণে যি দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে ৷
স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে সত্য আৰু অহিংসাক তেখেতৰ অমোঘ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল ৷ যিয়ে শক্তিশালী ইংৰাজ বাহিনীকো শিৰনত কৰিবলৈ বাধ্য কৰিছিল ৷
গান্ধীজীৰ সত্যাগ্ৰহ আন্দোলনত বাক্সাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ অহিংসাৰ মূৰ্তি হিচাপে পৰিচিত গান্ধীজীয়ে শ্বাহাবাদত স্বাধীনতা আন্দোলনৰ সূচনা কৰিছিল ৷ এইটো স্পষ্টকৈ ক'ব পাৰি যে,গান্ধীজীৰ বাক্সাৰৰ অধ্যায়ে আন্দোলনৰ শেষ পৰ্যন্ত তেখেতক মহাত্মালৈ ৰূপান্তৰিত কৰিছিল ৷
গান্ধীজীয়ে প্ৰায় পাঁচ বাৰ বাক্সাৰ ভ্ৰমণ কৰিছিল আৰু তেখেতৰ চিন্তাধাৰাই আজিও সেই অঞ্চলৰ লোকসকলক প্ৰভাৱিত কৰি আহিছে ৷ অসহযোগ আন্দোলনৰ সময়ত 1921 চনৰ 11 আগষ্ট আৰু আইন অমান্য আন্দোলনৰ সময়ত 1934 চনৰ 25 এপ্ৰিলত গান্ধীজীয়ে বাক্সাৰ ভ্ৰমণ কৰে ৷ ইয়াৰ পূৰ্বেও 1914,1917 আৰু 1919 চনতো বাপুৱে বাক্সাৰ ভ্ৰমণ কৰিছিল ৷
জাতিৰ পিতা গান্ধীজীয়ে প্ৰথম যেতিয়া বাক্সাৰৰ শ্ৰীচাঁদ মন্দিৰলৈ গৈছিল তাত তেখেতে স্থানীয় আন্দোলনকাৰীসকলৰ সৈতে মিলিত হৈছিল ৷ ইয়াৰ পাচত তেখেতে ঐতিহাসিক ফ'ৰ্ট আৰু বনবিঘা মঠৰ জনসভাত বক্তৃতা ৰাখিছিল ৷ ডাঃ ৰাজেন্দ্ৰ প্ৰসাদ,জৱাহৰলাল নেহৰু আৰু অনুগ্ৰহ নাৰায়ণ সিঙৰ দৰে নেতাৰ এসময়ৰ বিখ্যাত চাঁদ মন্দিৰ বৰ্তমান ধংসস্তূপলৈ পৰিণত হৈছে ৷
1917 চনৰ চাম্পাৰণ আন্দোলনৰ পৰা আৰম্ভ কৰি 1982 চনৰ ভাৰত ত্যাগ আন্দোলন পৰ্যন্ত গান্ধীজীয়ে যেতিয়াই বাক্সাৰ পৰিদৰ্শন কৰিছিল মহিলাসকলক উৎসাহিত হোৱা দেখা গৈছিল ৷ গান্ধীজী আৰু তেখেতৰ ধাৰণা সমূহৰ প্ৰভাৱ এনেকুৱা আছিল যে,স্বাধীনতাৰ বাবে ব্যাকূল মহিলাসকলে নিজৰ গহনা খুলি গান্ধীজীক অৰ্পণ কৰিছিল ৷
স্থানীয় নেতা ৰামশংকৰ তিৱাৰীৰ কাৰ্যৰ দ্বাৰা প্ৰভাৱিত হৈ মহাত্মা গান্ধীয়ে তেখেতৰ ভ্ৰমণ কালত জিলা সদৰৰ পৰা 30 কিলোমিটাৰ দূৰত কোৰাণচৰাইত উপস্থিত হৈছিল ৷ আৰু তাতেই স্থানীয় নেতাসকলৰ লগত আলোচনাত মিলিত হৈছিল ৷
গান্ধীজীৰ শেষ যাত্ৰাই লোকসকলক ইমান প্ৰভাৱিত কৰিছিল যে,তেখেত উভতি অহাৰ পাচতেই স্থানীয় আন্দোলনকাৰী সকলে দুজনকৈ ইংৰাজ বিষয়াক হত্যা কৰিছিল ৷ এই ঘটনাই উমি উমি জ্বলি থকা স্বাধীনতা আন্দোলনৰ জুইকুৰাত যেন ঘিউহে ঢালিছিল ৷ বহু কেইটা দশক পাৰ হোৱা স্বত্বেও মুক্তিযোদ্ধা শ্বহীদসকলৰ পৰিয়ালে আজিও গৰ্ববোধ কৰি আহিছে ৷