ETV Bharat / bharat

গালৱান সংঘৰ্ষৰ শ্বহীদ সন্তোষ বাবুক মহাবীৰ চক্ৰৰে সন্মানিত কৰাৰ সম্ভাৱনা

প্ৰয়াত বীৰ সেনা কলনেল সন্তোষ বাবুক মহাবীৰ চক্ৰৰে সন্মানিত কৰাৰ সম্ভাৱনা ৷ গণৰাজ্য দিৱসৰ দিনটোত সন্তোষ বাবুক মৰণোত্তৰভাৱে দ্বিতীয় সৰ্বোচ্চ সামৰিক সন্মান মহাবীৰ চক্ৰ প্ৰদান কৰাৰ সম্ভাৱনা ৷ 15 জুনত গালৱান উপত্যকাত চীনা সৈন্যৰ বিৰুদ্ধে যুঁজ দি সন্তোষ বাবুৱে মৃত্যুক সাৱটি লৈছিল ৷

galwan martyr likely to be awarded mahavir chakra

author img

By

Published : Jan 25, 2021, 9:57 PM IST

নেচনেল ডেস্ক, 25 জানুৱাৰী : গালৱান উপত্যকাত চীনা সৈন্যৰ বিৰুদ্ধে যুঁজ দি মৃত্যুক সাৱটি লোৱা কল’নেল সন্তোষ বাবুক তেওঁৰ বীৰত্বৰ বাবে মৰণোত্তৰভাৱে চৰকাৰে মহাবীৰ চক্ৰৰে সন্মানিত কৰাৰ সম্ভাৱনা আছে ৷ গণৰাজ্য দিৱসৰ দিনটোতেই প্ৰয়াত বীৰ সেনা জনক মৰণোত্তৰভাৱে দ্বিতীয় সৰ্বোচ্চ সামৰিক সন্মানেৰে সন্মানিত ক'ৰা হ'ব বুলি জানিব পৰা গৈছে ৷

চৰকাৰী সূত্ৰই সংবাদ মাধ্যমক এই বিষয়ে জানিবলৈ দি কয় যে, "এইবাৰৰ গণৰাজ্য দিৱসত কল’নেল বাবুক মৰণোত্তৰভাৱে মহাবীৰ চক্ৰ প্ৰদান কৰাৰ সম্ভাৱনা আছে ৷"

জানিব পৰা মতে ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়া সকলে এই বৰ্ষৰ গণৰাজ্য দিৱসৰ দিনটোত গালৱান উপত্যকাত চীনা সৈন্যৰ বিৰুদ্ধে যুঁজ দিয়া সৈনিক সকলক সামৰিক সন্মানেৰে সন্মানিত কৰাৰ পোষকতা কৰিছিল ৷ গণৰাজ্য দিৱসত সামৰিক সন্মানৰ প্ৰদানৰ বাবে প্ৰস্তাৱিত সেনা বিষয়া সকলৰ ভিতৰতে কল’নেল সন্তোষ বাবুৰ নাম সন্নিৱিষ্ট কৰা হৈছে ৷

বিগত বৰ্ষৰ 15 জুনত গালৱান উপত্যকাত ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত সংঘৰ্ষ সংঘটিত হৈছিল আৰু উক্ত সংঘৰ্ষতে ভাৰতৰ 20 গৰাকী বীৰ সেনা জোৱানক হেৰুৱাব লগীয়া হৈছিল ৷

লগতে পঢ়ক:সীমান্তৰ গুলিবৰ্ষণত আহত এজন সেনা জোৱানৰ দেওবাৰে মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.