নেশ্যনেল ডেস্ক, 27 অক্টোবৰ: কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ সংস্থাৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰে ৷ বহু কেইটা প্ৰকল্পৰ কামত বিলম্ব কৰাৰ বাবে মন্ত্ৰী গৰাকীয়ে সংস্থাটোক বিষয়ে অসন্তুষ্টি প্ৰকাশ কৰে ৷
তেওঁ এই বিষয়ত আশ্বৰ্য প্ৰকাশ কৰে যে, দ্বাৰকাত NHAI অট্টালিকা নিৰ্মাণৰ কামত 9 বছৰ লগায় ৷ তেওঁ কয় এনে বিলম্বতাৰ ক্ষেত্ৰত জড়িত বিষয়া সকলৰ প্ৰতিচ্ছবি অট্টালিকাটোত প্ৰদৰ্শন কৰিব লাগে "যাতে ৰাইজে সেই মহান লোক সকলৰ বিষয়ে জানিব পাৰে, যিসকলে এটা অট্টালিকা নিৰ্মাণৰ কামত 9 বছৰ অতিক্ৰম কৰে ৷"
ইয়াৰোপৰি গাডকাৰীয়ে কয়, অট্টালিকাটো নিৰ্মাণৰ ক্ষেত্ৰত বিলম্ব হোৱাক লৈ এখন গৱেষণা পত্ৰ প্ৰকাশ পাব লাগে ৷
লগতে পঢ়ক: মতবিৰোধক ইচ্ছাকৃতভাৱে সন্ত্ৰাসবাদ হিচাপে দমন কৰা হৈছে : ছোনিয়া