ETV Bharat / bharat

বিজেপিৰ জ্যেষ্ঠ নেতৃবৃন্দৰ মৃত্যুয়ে শূন্যতা নমাইছে ভাৰতীয় ৰাজনীতিলৈ

author img

By

Published : Aug 25, 2019, 8:20 PM IST

বাজপেয়ীৰ পৰা জেটলীলৈ, বিজেপিৰ জ্যেষ্ঠ নেতৃবৃন্দৰ মৃত্যয়ে শূন্যতা কঢ়িয়াই আনিছে ভাৰতীয় ৰাজনীতিলৈ ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ মৃত্যু সহিতে এবছৰৰ ভিতৰত বহুকেইজন জ্যেষ্ঠ নেতাক হেৰুৱাইছে শাসনাধিষ্ঠ বিজেপি দলে ৷

বিজেপিৰ জ্যেষ্ঠ নেতৃবৃন্দৰ মৃত্যয়ে শূন্যতা নমাইছে ভাৰতীয় ৰাজনীতিলৈ

নেশ্বনেল ডেস্ক, 25 আগষ্ট : বাজপেয়ীৰ পৰা জেটলীলৈ, বিজেপিৰ জ্যেষ্ঠ নেতৃবৃন্দৰ মৃত্যয়ে শূন্যতা কঢ়িয়াই আনিছে ভাৰতীয় ৰাজনীতিলৈ ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ মৃত্যু সহিতে এবছৰৰ ভিতৰত বহুকেইজন জ্যেষ্ঠ নেতাক হেৰুৱাইছে শাসনাধিষ্ঠ বিজেপি দলে ৷

বিজেপি দলে এবছৰৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী, প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজ, গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰক হেৰুৱাইছে ৷

যোৱা বছৰৰ 16 আগষ্টত অটল বিহাৰী বাজপেয়ীয়ে 93 বছৰ বয়সত মৃত্যুক সাৱটি লৈছিল ৷ তেওঁৰ পাছতে 2018 বৰ্ষৰ নৱেম্বৰত অনন্ত কুমাৰৰ 59 বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে ৷ 2019 বৰ্ষৰ মাৰ্চ মাহত গোৱাৰ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰৰ মৃত্যু হয় ৷ ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু ৰাফেল চুক্তিৰ সময়ত পাৰিকৰেই ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ দায়িত্ব পালন কৰিছিল ৷

সুষমা স্বৰাজ আৰু অৰুণ জেটলীৰ মৃত্যু হয় 2019 বৰ্ষৰ আগষ্ট মাহত ৷ স্বৰাজৰ মৃত্যুৰ 18 দিন পাছতে মৃত্যুক সাৱটি লয় অৰুণ জেটলীয়ে ৷ এই শূন্যতাক পূৰাবলৈ বিজেপি দলত বহু বছৰৰ প্ৰয়োজন হ'ব বুলি আশংকা কৰা হৈছে ৷ মোডী চৰকাৰে দ্বিতীয় বাৰৰ বাবে কাৰ্যকাল গ্ৰহণ কৰিবলৈ সক্ষম হ'লেও জ্যেষ্ঠ নেতাসকলৰ মৃত্যুয়ে শোকৰ চাঁ পেলাইছে বিজেপি শিবিৰত ৷

এই নেতাসকলে বিজেপিৰ সংকটৰ সময়ত দলৰ সৈতে থিয় দিয়াৰ লগতে দেশৰ ৰাজনীতি আৰু উন্নয়নত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল ৷ স্বৰাজ আৰু জেটলীৰ দৰে নেতৃত্বক সহজ - সৰল, ভ্ৰষ্টাচাৰ বিৰোধী আৰু প্ৰখৰ বুদ্ধিৰ বুলি গণ্য কৰা হৈছিল ৷

Intro:Body:Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.