ETV Bharat / bharat

কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে নতুন নিৰ্দেশাৱলী জাৰি - কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে নতুন নিৰ্দেশাৱলী জাৰি

চৰকাৰৰ নতুন নিৰ্দেশাৱলী জাৰি ৷ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে এই নিৰ্দেশাৱলী প্ৰকাশ ৷

চৰকাৰৰ নতুন নিৰ্দেশাৱলী জাৰি
কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে নতুন নিৰ্দেশাৱলী জাৰি
author img

By

Published : Mar 29, 2020, 4:11 PM IST

নেশ্যনেল ডেস্ক, 29 মাৰ্চ : দেওবাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে জাৰি কৰিছে কিছু নতুন নিৰ্দেশাৱলী ৷

এই নিৰ্দেশাৱলী অনুসৰি, "হাস্পতাল, পশু চিকিৎসালয়, ফাৰ্মাছী, গৱেষণাগাৰসমূহ পূৰ্বৰ দৰেই কাৰ্যকৰী হৈ থাকিব ৷"

নিৰ্দেশাৱলী অনুসৰি, "চিকিৎসা কৰ্মী, নাৰ্ছ, পেৰামেডিকেল ষ্টাফ আৰু হাস্পতালসমূহলৈ সেৱা ব্যৱস্থাৰ বাবে পৰিৱহণৰ অনুমতি প্ৰদান কৰা হৈছে ৷"

দোকান-পোহাৰ, বেংক, ছপা আৰু বৈদ্যুতিক মাধ্যম,টেলিফোন সেৱা আৰু ইন্টাৰনেট সেৱাৰ বাহিৰে অন্য ব্যক্তিগত সেৱাসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

নিৰ্দেশাৱলীত কোৱা হয় যে, কিছুসংখ্য়ক অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে অন্য সেৱাসমূহ বন্ধ ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ কাৰ্যালয়ক নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

ইয়াৰ বিপৰীতে 14 এপ্ৰিলৰ লকডাউন পৰ্যন্ত কাৰ্যকৰী হৈ থাকিবলগা কাৰ্যালয়সমূহ হৈছে প্ৰতিৰক্ষা বিভাগ, আৰক্ষী বিভাগ, জৰুৰীকালিন সেৱা, বিদ্যুত সেৱা, পানী যোগান, সমাজ কল্যাণ বিভাগ, কৃষিৰ সৈতে জড়িত বিভাগসমূহ ৷

এই লকডাউনৰ সময়ত কাৰ্যকৰী হৈ থাকিব দৰৱ নিৰ্মাণ প্ৰতিষ্ঠান,চিকিৎসা সামগ্ৰী, কয়লা, খনিজ সামগ্ৰী আৰু সাৰৰ উৎপাদন ৷

উল্লেখ্য যে, 15 ফেব্ৰুৱাৰীৰ পাচত ভাৰতত প্ৰৱেশ কৰিবলগা লোকসকলে নিজকে আছুতীয়া কক্ষত ৰাখিব লাগিব ৷ অন্যথা ভাৰতীয় দণ্ডাবিধি আইনৰ 188 নং অধিনিয়মৰ অধীনত তেওঁলোকক শাস্তি বিহা হব বুলি নিৰ্দেশাৱলীত প্ৰকাশ ৷

আৰু পঢ়ক :

লকডাউনৰ সিদ্ধান্তৰ বাবে দুখীয়া শ্ৰেণীক ক্ষমা ভিক্ষা মাগিছো : প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.