ETV Bharat / bharat

বিহাৰৰ নিৰ্বাচনী ইস্তাহাৰত বিনামূলীয়া ক'ৰণা প্ৰতিষেধকৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ সঠিক ক্ৰমত আছেঃ সীতাৰমণ - গেৰুৱা দল

ক'ৰণা প্ৰতিষেধকক লৈ বিহাৰৰ নিৰ্বাচনী ইস্তাহাৰত কৰা ঘোষণা সম্পূৰ্ণ সঠিক ক্ৰমতেই থকা বুলি মন্তব্য বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ৷ বিত্ত মন্ত্ৰী গৰাকীয়ে কৈছে যে, এটা ৰাজনৈতিক দলে শাসনলৈ আহিলে কেনেধৰণৰ কাম কৰিব সেই সন্দৰ্ভত ঘোষণা কৰিব পাৰে ৷ ইফালে বিৰোধীয়ে বিজেপিক এই প্ৰতিশ্ৰুতিৰ বাবে কটাক্ষ কৰি এইক্ষেত্ৰত নিৰ্বাচনী আয়োগক ব্যৱস্থা ল'বৰ বাবে দাবী উত্থাপন কৰিছে ৷

বিহাৰৰ নিৰ্বাচনী ইস্তাহাৰত বিনামূলীয়া ক'ৰণা প্ৰতিষেধকৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ সঠিক ক্ৰমত আছে : সীতাৰমণ

author img

By

Published : Oct 24, 2020, 6:27 PM IST

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ: বিজেপি দলে বিহাৰৰ নিৰ্বাচনী ইস্তাহাৰত বিনামূলীয়া ক'ৰণা প্ৰতিষেধক প্ৰদানৰ বাবে কৰা প্ৰতিশ্ৰুতিক লৈ অব্যাহত আছে বিৰোধীৰ সমালোচনা ৷ এই সমালোচনা অব্যাহত থকাৰ মাজতে শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মন্তব্য কৰে যে সেই ঘোষণা সম্পূৰ্ণ সঠিক ক্ৰমতেই আছিল আৰু এটা ৰাজনৈতিক দলে শাসনলৈ আহিলে কৰিব বিচৰা কাম সন্দৰ্ভত ঘোষণা কৰিব পাৰে ৷

সীতাৰমণে বৃহস্পতিবাৰে বিহাৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) ৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিল ৷ উক্ত ইস্তাহাৰত অন্যান্য প্ৰতিশ্ৰুতিৰ লগতে গেৰুৱা দলটো শাসনলৈ আহিলে ৰাজ্যবাসীৰ বাবে বিনামূলীয়া ক'ৰণা প্ৰতিষেধক প্ৰদানৰো এক প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷

গেৰুৱা দলটোৰ এই প্ৰতিশ্ৰুতিক কটাক্ষ কৰি বিৰোধীয়ে নিৰ্বাচনী আয়োগক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহনৰ বাবে দাবী উত্থাপন কৰাও পৰিলক্ষিত হৈছে ৷ বিৰোধীয়ে অভিযোগ কৰিছে যে, শাসকীয় দলটোৱে ক'ৰণা অতিমাৰীক ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে ব্যৱহাৰ কৰিছে ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত জেষ্ঠ বিজেপি নেত্ৰী সীতাৰমণে কয় যে, "এইয়া এক নিৰ্বাচনী ইস্তাহাৰৰ ঘোষণা ৷ এটা ৰাজনৈতিক দলে শাসনলৈ আহিলে কৰিব বিচৰা কাম সমূহ ঘোষণা কৰিব পাৰে ৷ এই ইস্তাহাৰত সেইয়াই কৰা হৈছে ৷ স্বাস্থ্য এক ৰাজ্যিক বিষয় ৷ ই সম্পূৰ্ণ সঠিক ক্ৰমত আছে ৷ " তেওঁ লগতে কয় যে প্ৰত্যেক ৰাজনৈতিক দলে তেওঁলোক শাসনলৈ আহিলে কৰিব বিচৰা কাম সন্দৰ্ভত নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰে ৷

উল্লেখ্য যে অক্টোবৰ 28 তাৰিখৰ পৰা তিনিটা পৰ্যায়ত বিহাৰ বিধানসভা নিৰ্বাচন আৰম্ভ হ'ব ৷

লগতে পঢ়ক: বিহাৰ নিৰ্বাচন: আৰজেডি দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.