ETV Bharat / bharat

ক'ভিডত আক্ৰান্ত পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল কেশৰীনাথ - former west bengal guv

পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল তথা বিজেপি নেতা কেশৰীনাথ ত্ৰিপাঠী দুদিন পূৰ্বে ক'ভিডত আক্ৰান্ত হৈছে । প্ৰয়াগৰাজস্থিত বাসভৱনত হোম আইছলেচনত আছিল যদিও নিশা শ্বাস-প্ৰশ্বাসজনিত কাৰণত আইচিইউত চিকিৎসাধীন কৰা হয় ৰাজ্যপালগৰাকীক । উত্তৰ প্ৰদেশত এদিনত কৰ'ণা আক্ৰান্তৰ ৮৭১ টা নতুন ঘটনা পোহৰলৈ আহে । শনিবাৰে লক্ষ্নৌৰ ছয়খন চিকিৎসালয়ত COVID-১৯ প্ৰতিষেধকৰ ড্ৰাই ৰাণ সম্পন্ন হয় । ৫ জানুৱাৰীলৈ ৰাজ্যখনৰ প্ৰত্যেক জিলাৰ পাঁচটাকৈ স্থানত ড্ৰাই ৰাণ কৰা হ'ব ৷

শ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল COVID পজিটিভ

author img

By

Published : Jan 2, 2021, 10:41 AM IST

নেশ্যনেল ডেস্ক, ২ জানুৱাৰী: পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল তথা বিজেপি নেতা কেশৰীনাথ ত্ৰিপাঠী অসুস্থ । শ্বাস-প্ৰশ্বাসজনিত কাৰণত শুকুৰবাৰে নিশা ৰাজ্যখনৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সম্প্ৰতি তেওঁ আইচিইউত চিকিৎসাধীন । উল্লেখ্য যে, দুদিন পূৰ্বে কেশৰীনাথৰ দেহত COVID-১৯ পজিটিভ ধৰা পৰিছিল । পৰৱৰ্তী সময়ত প্ৰয়াগৰাজস্থিত বাসভৱনত হোম আইছলেচনত আছিল ৰাজ্যপালগৰাকী । কিন্তু শুকুৰবাৰে নিশা হঠাৎ তেওঁ শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

সমগ্ৰ বিশ্বৰ লগতে দেশত বৰ্তমানেও অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । উত্তৰ প্ৰদেশত শুকুৰবাৰৰ দিনটোত COVID-১৯ ত আক্ৰান্ত ৮৭১ টা নতুন ঘটনা পোহৰলৈ আহে । বৰ্তমানলৈ ৰাজ্যখনত ১৩,৮২৩ টা সক্ৰিয় কৰ'ণা আক্ৰান্ত ঘটনা থকাৰ বিপৰীতে কালিৰ দিনটোত মুঠ ১২৬৩ গৰাকী লোকে চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতে । ফলত সুস্থ হোৱা লোকৰ সংখ্যা হয়গৈ ৯৬.২১% ।

ইফালে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্নৌতো ৭৩ জনৰ দেহত COVID পজিটিভ ধৰা পৰে । শুকুৰবাৰে নিশা প্ৰয়াগৰাজ আৰু বালিয়াত COVID-১৯ ত আক্ৰান্ত হৈ দুজনে প্ৰাণ হেৰুৱায় । নিহত দুগৰাকী লক্ষ্নৌৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ।

কৰ'ণাসৃষ্ট কালছোৱাত উত্তৰ প্ৰদেশত COVID-১৯ প্ৰতিষেধকৰ ড্ৰাই ৰাণৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে । শনিবাৰে লক্ষ্নৌৰ ছয়খন চিকিৎসালয়ত ড্ৰাই ৰাণ কৰা হ'ব । প্ৰতিখন জিলাতে কৰ'ণা ভাইৰাছ প্ৰতিষেধক কেন্দ্ৰ স্থাপন কৰা হৈছে । ৫ জানুৱাৰীলৈ ৰাজ্যখনৰ প্ৰত্যেক জিলাৰ পাঁচটাকৈ স্থানত ড্ৰাই ৰাণ কৰা হ'ব ।

ইফালে ব্ৰিটেইনত কৰ'ণাৰ দ্ৰুত গতিত নতুন সংক্ৰমণ আৰম্ভ হৈছে । এই সন্দৰ্ভত ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ সাধাৰণ সঞ্চালক দেৱেন্দ্ৰ নেগীয়ে কয় যে, দেশখনৰ পৰা উভতা লোকসকলে ২৮ দিনৰ বাবে কোৱাৰেন্টাইন কেন্দ্ৰত থাকিব লাগিব । যাতে ব্ৰিটেইনৰ নতুন সংক্ৰমণক প্ৰতিহত কৰিব পাৰে তাৰবাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে । কিন্তু এইসকল লোকক হোম আইছলেচনৰ সুবিধা প্ৰদান কৰা নহ'ব ।

লগতে পঢ়ক: উত্তৰাখণ্ডত বিগত 3 বছৰত গো হত্যাৰে জড়িত 277 জনক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.