ETV Bharat / bharat

ভাৰতীয় সেনালৈ 20 লাখ টকা দান কৰা কোন এইগৰাকী মহিলা ৰাজনীতিবিদ ? - কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়

মহাৰাষ্ট্ৰৰ নাচিকৰ প্ৰাক্তন এমএলচি সদস্য নিশিগন্ধা মোগলে ভাৰতীয় সেনাক তেওঁৰ সোণৰ অলংকাৰৰ মূল্যৰ সমান 20 লাখ টকা দান কৰিছে। নাচিক চহৰৰ পূৰ্বৰ এম এল চি নিশিগন্ধা মোগলে ভাৰতীয় সেনাক এনে পৰিমাণৰ ধন দান কৰা দেশৰ প্ৰথম মহিলা ৰাজনীতিবিদ।

Former Maharashtra woman MLC donates Rs 20 lakh for Indian Army
ভাৰতীয় সেনালৈ 20 লাখ টকা দান কৰা কোন এইগৰাকী মহিলা ৰাজনীতিবিদ ?
author img

By

Published : Oct 31, 2020, 10:25 PM IST

নিউজ ডেস্ক, 31 অক্টোবৰ: মহাৰাষ্ট্ৰৰ নাচিকৰ প্ৰাক্তন এমএলচি সদস্য নিশিগন্ধা মোগলে ভাৰতীয় সেনাক তেওঁৰ সোণৰ অলংকাৰৰ মূল্যৰ সমান 20 লাখ টকা দান কৰিছে। নাচিক চহৰৰ পূৰ্বৰ এম এল চি নিশিগন্ধা মোগলে ভাৰতীয় সেনাক এনে পৰিমাণৰ ধন দান কৰা দেশৰ প্ৰথম মহিলা ৰাজনীতিবিদ।

মোগলৰ মতে, তেওঁ তেওঁৰ স্বামী আৰু পুত্ৰৰ সৈতে ভাৰতীয় সেনাৰ প্ৰতি দান কৰাৰ তেওঁৰ উদ্দেশ্যৰ বিষয়ে আলোচনা কৰিছিল, যাৰ পিছত তেওঁ নিজৰ সোণৰ আ-অলংকাৰ দান কৰাৰ সিদ্ধান্ত লৈছিল। যিহেতু ভাৰতীয় সেনাই সোণৰ ৰূপত দান গ্ৰহণ নকৰে, সেয়ে মোগলে তেওঁৰ অলংকাৰৰ মূল্য 20 লাখ টকা ভাৰতীয় সেনালৈ 11 অক্টোবৰত প্ৰেৰণ কৰে।

তেওঁৰ এই দানৰ বাবে সেনাৰ পৰা প্ৰেৰণ কৰা ধন্যবাদসূচক পত্ৰখন পিছত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। ইয়াৰ উপৰিও, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰি এখন পত্ৰ প্ৰেৰণ কৰে, আনহাতে নাচিকৰ পূৰ্বৰ সৈন্যসকলে তেওঁক তেওঁৰ চিন্তাধাৰা কামৰ বাবে সম্বৰ্ধনা জনায় ৷

লগতে পঢ়ক: আমেৰিকাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সবিশেষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.