ETV Bharat / bharat

৩৭০ নং অনুচ্ছেদৰ সংশোধন এক অবৈধ আৰু অগণতান্ত্ৰিক সিদ্ধান্ত আছিল: মেহবুবা মুফ্টী - জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফ্টী

ডিটেনশ্যন কেম্পৰ পৰা মুকলি হৈছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফ্টী । মুক্তি লাভ কৰিয়েই ৩৭০ নং অনুচ্ছেদৰ সংশোধন এক অবৈধ আৰু অগণতান্ত্ৰিক সিদ্ধান্ত বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফ্টীৰ মন্তব্য

author img

By

Published : Oct 14, 2020, 3:55 PM IST

নিউজ ডেস্ক,১৪ অক্টোবৰ: মঙলবাৰে সন্ধিয়া ডিটেনশ্যন কেম্পৰ পৰা মুকলি হোৱাৰ পাচত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফ্টীৰ ৩৭০ নং অনুচ্ছেদ সন্দৰ্ভত মন্তব্য প্ৰদান । তেওঁ কয় যে,"তেওঁক বন্দী কৰাৰ সময়ত ৩৭০ নং অনুচ্ছেদক সংশোধন কৰা হয় । এই সিদ্ধান্ত সলনি কৰিবলৈ তেওঁ আপ্ৰাণ চেষ্টা কৰিব" ।

এক অডিঅ' বাৰ্তাযোগে তেওঁ কয় যে,সেই ক'লা দিনটোৰ প্ৰতিচ্ছবি এতিয়াও মোৰ মন-মগজুত ভাঁহি আছে । জম্মু-কাশ্মীৰৰ সৰহ সংখ্যক লোকৰ অনুভৱ একেই । কোনেও সেই দিনটোৰ অপমানক পাহৰিব নোৱাৰে" ।

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফ্টীৰ মন্তব্য
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফ্টীৰ মন্তব্য

লগতে তেওঁ ব্যক্ত কৰে যে,"বিগত বৰ্ষৰ আগষ্ট মাহত হোৱা ৩৭০ নং অনুচ্ছেদৰ সংশোধন এক অবৈধ আৰু অগণতান্ত্ৰিক সিদ্ধান্ত । এই ধাৰা পুনৰ সলনি কৰিবলৈ আৰু কাশ্মীৰৰ সমস্যা সমাধান কৰিবলৈ জম্মু-কাশ্মীৰ বাসীয়ে যুঁজ দিব লাগিব,যিয়ে সহস্ৰাধিক লোকৰ প্ৰাণ কাঢ়ি লৈছে । এই কাম সহজ নহয় যদিও আমাৰ দৃঢ়তাই আমাক পথ দেখুৱাব" ।

যিসকল লোকক ডিটেনশ্যনৰ অধীনত কাৰাগাৰত বন্দী কৰি ৰখা হৈছে,সকলকো মুকলি কৰিব দিব লাগে বুলি দাবী উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফ্টীয়ে ।

লগতে পঢ়ক:কৃষি আইন: কৃষি আইন: কেন্দ্ৰৰ সৈতে বৈঠকত মিলিত হ'ব 29 কৃষক সংগঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.