কেইবা সপ্তাহৰ পৰাই কমল নাথ নেতৃত্বাধীন মধ্য প্ৰদেশৰ কংগ্ৰেছৰ চৰকাৰখন আভ্যন্তৰীণ সংঘাতৰ সন্মুখীন হৈ আহিছে। দিল্লীৰ ওচৰৰ গুৰগাঁৱৰ এখন হোটেলত তেওঁৰ ১৪ জন বিধায়কক যেতিয়া লৈ যোৱা হৈছিল তেতিয়া তেওঁ প্ৰথমটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল । কিন্তু শেহতীয়াভাৱে যি ঘটিছে তাৰ ফলত মধ্য প্ৰদেশৰ কংগ্ৰেছৰ চৰকাৰৰ পতন ঘটাব পাৰে যদিহে কমল নাথে ভূপালত শাৰদ পাৱাৰৰ দৰে নকৰে ।
সংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে কমল নাথৰ ভাগ্য সংকটত । কিয়নো ২০১৮ চনৰ ডিচেম্বৰত কংগ্ৰেছে যেতিয়া মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনত জয়ী হৈছিল তেতিয়া মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা জ্যোতিৰাদিত্য সিন্দিয়াই ২২ গৰাকী বিধায়কসহ দলটো ত্যাগ কৰিছে । ২০৬ জনীয়া বিধানসভাত কংগ্ৰেছৰ বৰ্তমান ৯৯ জন বিধায়ক আছে আৰু তেওঁলোকক লাগে মুঠ ১০৪ জন । কমল নাথে তেওঁৰ চৰকাৰ ৰক্ষা কৰাৰ সম্ভাৱনা দেখিছে আৰু বিজেপিৰ দৰেই তেওঁৰ বিধায়কসকলক এখন ৰিজ'ৰ্টত ৰাখি থৈছে । যেতিয়া বিধানসভাৰ মজিয়াত সংখ্যাগৰিষ্ঠতা প্ৰতিপন্নৰ যুঁজ চলে তাত কোটি কোটি টকাৰ ধন আৰু শক্তি বিধায়কসকলৰ ৰাজনৈতিক আনুগত্য সলনি কৰাৰ বাবে তেওঁলোকক প্ৰলোভিত কৰিবলৈ ব্যৱহাৰ কৰা হ'ব । অসংখ্য ধন আৰু অবৈধ উপায় ব্যৱহাৰ কৰি হতাশাজনক ৰাজনৈতিক অনৈতিকতাৰ এক কাহিনী ৰচা হ'ব যাতে চৰকাৰ গঠন বা পতন কৰিব পাৰে। পূৰ্বতে কোনো হস্তক্ষেপ নকৰা নীতিত বিশ্বাসী বুলি এক ভাৱমূৰ্তি প্ৰমাণ কৰা বিজেপিয়ে চৰকাৰ পতন কৰাত গভীৰভাৱে নিমজ্জিত আৰু জড়িত থকাই নহয়, বিধানসভা নিৰ্বাচনত কেইবাখনো ৰাজ্য হেৰুওৱাৰ পাছত ৰাজ্যসভাত অধিক সাংসদ জয়ী কৰাবলৈ বিধায়কৰ যথেষ্ট সমৰ্থন লাভ আদায়ৰ ক্ষেত্ৰতো কৌশলত সফল হৈছে । ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে বিজেপি উদ্বাউল হৈ আছে । ধন আৰু আন দেখা-অদেখা সম্পদেৰে বিজেপিয়ে ঝাড়খণ্ড,ৰাজস্থান আৰু মহাৰাষ্ট্ৰত বিৰোধী দলৰ চৰকাৰসমূহক দুৰ্বল কৰাৰ ভাবুকি দি আছে । এই প্ৰচেষ্টাত দলটো কিমান সফল হয় সেয়া হ'ব লক্ষ্যণীয় । চৰকাৰ পতন ঘটোৱাৰ বাবে যে টকাই মূল বিষয় সেয়া কংগ্রেছলৈ প্ৰত্যাৱৰ্তন কৰা মধ্য প্ৰদেশৰ এগৰাকী বিধায়কৰ স্বীকাৰোক্তিয়ে প্ৰমাণ কৰে । তেওঁ প্ৰকাশ কৰা অনুসৰি তেওঁক ২৫ কোটিৰ অফাৰ দিয়া হৈছিল । আন এগৰাকীয়ে দাবী কৰা অনুসৰি তেওঁক ১০০ কোটি টকা দিয়া হৈছিল । অৰ্থনীতিৰ দুৰ্বল অৱস্থাৰ মাজত এই ধৰণৰ দাম-দৰে উদ্বেগৰ সৃষ্টি কৰে ।
নিৰ্বাচনত জয়ী হ'বলৈ বৃহৎ পৰিমাণৰ ধন ব্যয় কৰা বিধায়কসকলৰ বাবে টকাই মূল আকৰ্ষণ যদিও ইয়াৰে বহুতৰে অসন্তুষ্টি এয়ে যে যুৱ নেতাসকলক কংগ্ৰেছ দলে তেওঁলোকৰ ৰাজনৈতিক আকাংক্ষা পূৰণৰ পৰ্যাপ্ত সুযোগ দিয়া নাই । ৰাহুল গান্ধীৰ সমৰ্থক আৰু বন্ধু জ্যোতিৰাদিত্য সিন্দিয়াই ৰাজ্যিক পৰ্যায়ত দলটোত ভাল ভূমিকা এটা আশা কৰিছিল যদিও কমল নাথ আৰু দিগ্বিজয় সিঙৰ যুটীয়া নেতৃত্বই তেওঁক যিকোনো গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ পৰা বিৰত থাকে । বহু প্ৰশ্নৰ সৃষ্টি কৰি কিছু মাহ পূৰ্বে তেওঁৰ টুইটাৰ হেণ্ডেলৰ পৰা তেওঁ কংগ্ৰেছৰ সৈতে থকা সম্পৰ্কৰ কথা নোহোৱা কৰে । কিন্তু তেওঁৰ পৰৱৰ্তী পদক্ষেপ সম্পৰ্কে স্পষ্টতা নাছিল । অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ বিষয়টোত কংগ্ৰেছ দলৰ স্থিতিক সিন্দিয়াই সমালোচনা কৰাৰ বিপৰীতে শেহতীয়াকৈ দিল্লীৰ হিংসাত্মক ঘটনাত ক্ষোভ প্ৰকাশ কৰি বিজেপি চৰকাৰক সমাজখনত ভাগ ভাগ সৃষ্টি কৰাৰ বাবেও সমালোচনা কৰিছিল ।
তেওঁৰ আদর্শগত স্থিতি বাস্তৱিক ৰাজনীতি আৰু সুবিধাবাদৰ ওপৰতে বেছিকৈ প্ৰতিষ্ঠিত যেন অনুমান হয় । সিন্দিয়াৰ আইতাক বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপক আছিল আৰু আন দুগৰাকী পৰিয়ালৰ সদস্যই দলটোৰ জ্যেষ্ঠ আসনত আছে । ২০১৯ চনৰ লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত তেওঁ ৰাজ্যসভাত প্ৰৱেশ কৰাৰ বাবে চেষ্টা চলাই আছিল । বিজেপিৰ এগৰাকী সাধাৰণ পৰ্যায়ৰ প্ৰাৰ্থীৰ হাতত সিন্দিয়াই এক লাখ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল । বিজেপি প্ৰাৰ্থীগৰাকীয়ে গোৱালিয়ৰ ৰাজপ্ৰাসাদৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলাইছিল । এই পৰাজয়ে নিশ্চয় তেওঁক অধিক চিন্তিত কৰি তুলিছিল। তেওঁ তিনিবাৰকৈ প্ৰতিদ্বন্দিতা কৰা গুণা সমষ্টিটো আৰু নিৰাপদ হৈ থকা নাই আৰু ২০১৯ চনৰ নিৰ্বাচনৰ ফলাফলৰ পুনৰাবৃত্তি ৰোধ কৰাৰ প্ৰয়োজনীয়তা তেওঁ উপলব্ধি কৰিছিল । বিজেপিত যোগদান কৰাৰ পিচত তেওঁৰ দুৰ্গ অক্ষত ৰখাত সহায় কৰিব ।
হাত সাবটি বহি নথকা কমল নাথে কেইজনমান বিধায়কক ওভোতাই আনিবলৈ সক্ষম হৈছে । সিন্দিয়াই সৃষ্টি কৰা হেঁচাত তেওঁ সেও মানিবলৈ অস্বীকাৰ কৰিছিল আৰু গোৱালিয়ৰ ৰাজ পৰিয়ালৰ সদস্যগৰাকীৰ সলনি প্ৰিয়ংকা গান্ধীক ৰাজ্যসভাৰ আসন দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল । গোৱালিয়ৰ ভৱন বা মহাৰাজৰ প্ৰতি কাহানিও ভাল ভাৱ নেদেখুওৱা দিগ্বিজয় সিঙে কমল নাথক সমৰ্থন কৰি আহিছে ।
সিন্দিয়াৰ কংগ্ৰেছ ত্যাগে দলটোক মোক্ষম আঘাত দিব
কৰ্ণাটকৰ ১৭ গৰাকী বিধায়কে আদর্শগতভাৱে বিৰোধী দল বিজেপিত যোগদান কৰাত বাধা দিয়াত ব্যৰ্থ হোৱাৰ দৰে কংগ্ৰেছৰ একেই পৰিস্থিতি হ'ব । বিজেপিয়ে কংগ্ৰেছৰ বহুতকে চিকাৰ কৰি লোৱাটোৱে কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচন আৰু দলীয় নেতৃত্বৰ আদর্শগত দৃঢ়তা ধৰি ৰখাত থকা দুৰ্বলতাৰে প্ৰতিফলন ঘটায় । জয়ৰ আশা দেখি কংগ্ৰেছ দলে বহু সময়ত পূৰ্বতে বিজেপি বা জনতা দল(এছ) ত থকাসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰে । এইসকল বিধায়কে বিজেপিত যোগদান কৰাটো কোনো সমস্যা বুলি নাভাবে । এই অস্পৃশ্যতাৰ অভাৱে হিন্দুত্ববাদী দলটোক যিকোনো দলৰ পৰাই বিধায়ক অনাত সহায় কৰে । ইয়াৰ ফলত কংগ্ৰেছৰ কি হ'ব? ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পাছত কংগ্ৰেছৰ অৱস্থা টলি ফুটা নাওৰ দৰে। ৰাহুল গান্ধীয়ে দলত শোচনীয় পৰাজয়ৰ বাবে দায়িত্ব মূৰ পাতি লৈ কংগ্ৰেছৰ সভাপতি হিচাপে পদত্যাগ কৰে । সভাপতিৰ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাহুল গান্ধীয়ে কৰা অনুৰোধক তেওঁৰ মাতৃ ছোনিয়া গান্ধীৰ আশে-পাশে থকা মহলে সমৰ্থন কৰা নাছিল । নতুন এগৰাকী মুৰব্বী নিৰ্বাচন নোহোৱালৈকে ছোনিয়া গান্ধীকে সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ দিয়া হয় ।
ছোনিয়া গান্ধী অসুস্থ । তেওঁ দিল্লী নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ সলনি বিজেপিৰ সন্মুখত এক বিৰোধী সৃষ্টি কৰাৰ উদ্দেশ্যে কংগ্ৰেছৰ ভোটক আপলৈ ৰূপান্তৰিত হ'বলৈ দিয়ে। এই কৌশলে হয়তো বিচ্ছিন্ন উদাৰতাবাদীসকলৰ পৰা কিছু প্ৰশংসা আদায় কৰাত সহায় কৰিছিল কিন্তু কংগ্রেছক নিঃশেষ কৰি পেলায় । বিজেপিক মুখ ঠেকেচা দিয়াৰ বাবে কিছুসংখ্যক কংগ্ৰেছ নেতাই আপক প্ৰশংসা কৰে যদিও ইয়াৰ ফলত পুৰণি ৰাজনৈতিক দলটো কেনেদৰে লাভৱান হ'ব বুলি বহুতে চিন্তা কৰে । কংগ্ৰেছৰ ভোটৰ হাৰ ৪ শতাংশলৈকে নামে ।
কংগ্ৰেছৰ লক্ষ্য হ'ল কেনেদৰে বিজেপিৰ বিৰোধী সৃষ্টি কৰা । বহুতে বিশ্বাস কৰে যে কা বিৰোধী আন্দোলনে শাসকীয় দলটোৰ প্ৰতি দেশজোৰা এক বিৰোধিতাৰ সৃষ্টি কৰিছে আৰু এটা ৰাজনৈতিক দলেহে এই ঢৌক তীব্ৰতৰ কৰিব পাৰে । আনসকলে ভাবে যে স্বাধীনতাৰ পাছত কাহানিও আন্দোলনৰ নেতৃত্ব নিদিয়া কংগ্ৰেছে চাৰি বছৰ বাকী থকা লোকসভা নিৰ্বাচনৰ বাবে সাজু হ'ব লাগে ।
এই যুক্তিত জোৰ থাকিব পাৰে কিন্তু কংগ্ৰেছ আৰু ইয়াৰ আদৰ্শক কোনে নেতৃত্ব প্ৰদান কৰিব তাক লৈ দলটো সন্দিহান । দলটোক নিৰ্বাচনত জয়লাভৰ সোৱাদ প্ৰদান কৰিবলৈ হ'লে সংখ্যালঘুসকলৰ পৰা দূৰত্ব অৱস্থান কৰিবলৈ ৰাহুল গান্ধীক তেওঁৰ পৰামৰ্শদাতাসকলে উপদেশ দিছিল। তেওঁ গুজৰাট নিৰ্বাচনৰ সময়ত সকলো ধৰণৰ ধৰ্মীয় স্থান পৰিদৰ্শন কৰি এই পৰামৰ্শ পালন কৰিছিল । টুপী পিন্ধা কাৰো সৈতে যাতে এটাও চেল্ফি নাথাকে সেয়াও তেওঁ নিশ্চিত কৰিছিল । সংখ্যালঘুসকলৰ প্ৰতি কি স্থিতি গ্ৰহণ কৰিব তাক লৈ কংগ্ৰেছ দলটোৰ স্পষ্টতা নাই । যদি কংগ্ৰেছে দেশৰ সংখ্যালঘুসকলৰ লগত থিয় দিব নোৱাৰে তেন্তে সংখ্যালঘু ভোটক গুৰুত্ব নিদিয়া বুলি গৌৰৱ কৰা বিজেপিৰ লগত ইয়াৰ কোনো পাৰ্থক্য নাথাকিব। সমগ্ৰ দেশতে কা আৰু এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সময়ত কংগ্ৰেছে মাথো সংলাপ গাইছে । মহিলাসকলে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা শ্বাহীনবাগৰ দৰে স্থানত পদাৰ্পণ কৰাৰ পৰা বিৰত আছে গান্ধী পৰিয়াল যাতে মুছলমানক তোষণ কৰা বুলি বিজেপিয়ে সমালোচনা কৰিব নোৱাৰে । যদি সংসদৰ বাহিৰত কা বিৰোধী আন্দোলনৰ ওপৰত ভিত্তি কৰি এক শক্তিশালী বিৰোধী সৃষ্টি কৰিব কংগ্ৰেছে বিচাৰে তেন্তে বিজেপি আৰু ইয়াৰ আদর্শগত নিয়ন্ত্ৰক ৰাষ্ট্ৰীয় স্বয়ংসৱেক সংঘৰ প্ৰভাৱৰ পৰা কংগ্ৰেছ মুক্ত হ'ব লাগিব আৰু যি সকলোকে সাঙোৰা নীতিৰে ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা লাভ কৰিছিল সেই নীতিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব।
আৰু যদিহে সুবিধাবাদী কংগ্ৰেছ নেতাসকলৰ কাম কাজ অব্যাহত থাকে তেনেহ'লে বিজেপিৰ বিৰুদ্ধে এনেধৰণৰ যুঁজত অৱতীৰ্ণ হ'বলৈ কংগ্ৰেছৰ শক্তি নাই । এনে কাৰণতে ৰাজস্থান,ছত্তিশগড় আদি ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ বিজেপিয়ে পতন ঘটোৱাৰ সম্ভৱনা আছে ।
লেখকঃ সঞ্জয় কুমাৰ
লগতে চাওকঃ