ETV Bharat / bharat

চৰকাৰৰ দ্বাৰা খাদ্য প্ৰদান... - আৰ্থিক মন্দাৱস্থা

1930 ৰ দশকৰ সময়ছোৱাত হোৱা আৰ্থিক মন্দাৱস্থাৰ দৰে অনুৰূপ দুৰ্যোগৰ দিশে অগ্ৰসৰ হৈছে বিশ্ব । চাৰি মাহ পূৰ্বে বিশ্ব বেংকে ভৱিষ্যতবাণী কৰিছিল যে জনমূৰি আয় হ্ৰাস পোৱাৰ লগতে অসংখ্য লোকে দৰিদ্ৰতাত ককবকাব লাগিব । 2021 চনৰ অন্তিম ভাগত বিশ্ব বেংকে শেহতীয়া পৰিস্থিতি পুনৰ অধ্যয়ন কৰিছে । প্ৰচণ্ড দৰিদ্ৰতাৰ মাজেৰে বাস কৰা 15 কোটি লোকৰ বাবে ব্যৱস্থা আৰু উন্নয়নৰ পৰিকল্পনাৰ পৰিৱৰ্তন সাধনৰ পক্ষে বিশ্ব বেংকে মতপোষণ কৰিছে ।

Food support by governments etv bharat news
চৰকাৰৰ দ্বাৰা খাদ্য প্ৰদান...
author img

By

Published : Oct 13, 2020, 1:33 PM IST

নিউজ ডেস্ক,13 অক্টোবৰ: কোভিড 19 ৰ সংকটৰ ফলত বিশ্বজুৰি আজি অৰ্থনীতিৰ ভংগুৰ অৱস্থা দেখা পোৱাৰ লগতে বিভিন্ন খণ্ডসমূহে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ মানুহৰ মৃত্যু ঘটিছে আৰু জীৱিকা বিপৰ্যস্ত হৈ পৰিছে । এয়া কোভিডৰ বিপদজনক পৰিণতি । বহু দেশৰ বৰ্তমানৰ অৱস্থাই এপ্ৰিলত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে কৰা এক ভৱিষ্যতবাণীক সঁচা প্ৰতিপন্ন কৰিবলৈ গৈ আছে । আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে পূৰ্বানুমান কৰিছিল যে, 1930 ৰ দশকৰ সময়ছোৱাত হোৱা আৰ্থিক মন্দাৱস্থাৰ দৰে অনুৰূপ দুৰ্যোগৰ দিশে অগ্ৰসৰ হৈছে বিশ্ব । চাৰি মাহ পূৰ্বে বিশ্ব বেংকে ভৱিষ্যতবাণী কৰিছিল যে জনমূৰি আয় হ্ৰাস পোৱাৰ লগতে অসংখ্য লোকে দৰিদ্ৰতাত ককবকাব লাগিব । 2021 চনৰ অন্তিম ভাগত বিশ্ব বেংকে শেহতীয়া পৰিস্থিতি পুনৰ অধ্যয়ন কৰিছে । প্ৰচণ্ড দৰিদ্ৰতাৰ মাজেৰে বাস কৰা 15 কোটি লোকৰ বাবে ব্যৱস্থা আৰু উন্নয়নৰ পৰিকল্পনাৰ পৰিৱৰ্তন সাধনৰ পক্ষে বিশ্ব বেংকে মতপোষণ কৰিছে । বিশেষকৈ উপ-ছাহাৰিয়ান আফ্ৰিকা আৰু দক্ষিণ এছিয়াৰ দেশসমূহৰ বাবে এনেধৰণৰ পৰিৱৰ্তন নিতান্তই প্ৰয়োজন । আনকি আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থাই (আইএলঅ) ভাৰতৰ ক্ষেত্ৰত অধিক ভয়াৱহ পৰিস্থিতিৰ ইংগিত দিছে । সংস্থাটোৰ মতে ভাৰতৰ 40 কোটি লোকে সংস্থাপন হেৰুওৱাৰ পৰিপ্ৰেক্ষিতত এইসকল লোকে তীব্ৰ আৰ্থিক অনাটনত জীৱন নিৰ্বাহ কৰিব লাগিব । এছিয়ান ডেভেলপমেণ্ট বেংক আৰু ফিটছৰ লগতে বিশ্ব বেংকৰ মতে ঘৰুৱা বিত্তীয় খণ্ড 9-9.6 শতাংশলৈ অৱনমিত হ’ব । কৰ’ণা অতিমাৰীয়ে ইতিমধ্যে দুৰ্বল হৈ পৰা অৰ্থনীতিক প্ৰচণ্ডভাৱে আক্ৰমণ কৰিছে । সুস্থিৰ উপাৰ্জন নথকা অগণন শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালে জীৱিকাৰ অনিশ্চিত ভৱিষ্যতকলৈ শংকিত হৈ পৰিছে । বৰ্তমানেও অব্যাহত থকা কোভিড সংকটৰ মাজত বা আঁচনি আৰু পৰিকল্পনাসমূহ ৰূপায়ণ কৰিব পৰাকৈ স্বাভাৱিক অৱস্থাৰ প্ৰত্যাৱৰ্তন নোহোৱালৈকে এইসকল লোকৰ ভোক কেনেদৰে গুচাব পাৰি?

যদিও কোভিডৰ সংকটকালত বিভিন্ন খণ্ডই ব্যাপক লোকচানৰ সন্মুখীন হৈছিল তথাপি দেশখনৰ বাবে আশীৰ্বাদস্বৰূপ আছিল গুদামসমূহ । কিয়নো দেশৰ পাঁচ লাখ ৰেচনৰ দোকানক সমগ্ৰ বছৰটোতে যোগান ধৰিব পৰাকৈ গুদামবোৰত খাদ্য সামগ্ৰী মজুত আছিল । পৰ্যাপ্ত ৰবি শস্য উপলব্ধ হোৱাৰ লগে লগে চৰকাৰে এই সংকটৰ সময়ৰ প্ৰত্যাহ্বান দূৰ কৰাৰ বাবে প্ৰস্তুত হ’ব লাগে । দেশত পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী মজুত আছে বুলি দেশবাসীক আশ্বস্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছে যে নৱেম্বৰৰ শেষাংশৰ ভিতৰত 80 কোটি দৰিদ্ৰ লোকক বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰা হ’ব । যি সকল লোকে কৰ’ণা অতিমাৰীৰ বাবে সংস্থাপন হেৰুৱাইছে তেওঁলোকৰ পৰিয়ালক স্বাভাৱিক অৱস্থা ঘূৰি নহালৈকে বা তেওঁলোক স্ব-নিৰ্ভৰশীল হ’ব নোৱাৰালৈকে বিনামূলীয়াকৈ ৰেচন যোগান ধৰিব লাগে । কিমানসংখ্যক লোকে সংস্থাপন হেৰুৱাই দৰিদ্ৰতাৰ সৈতে সহবাস কৰিছে তাৰ এক ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ সমীক্ষা যুদ্ধকালীন ক্ষীপ্ৰতাৰে সম্পন্ন কৰিব লাগে । যোগ্যজনে যাতে ৰেচনৰ সামগ্ৰী লাভ কৰে তাৰ বাবে এক স্বচ্ছ আৰু গ্ৰহণযোগ্য বিতৰণ ব্যৱস্থা নিশ্চিত কৰাটো উচিত । খাদ্য সামগ্ৰীৰ সম্পূৰ্ণ খৰচ কেন্দ্ৰীয় চৰকাৰে বহন কৰিব লাগে । কোনো মধ্যভোগীয়ে হস্তক্ষেপ কৰিব নোৱাৰাকৈ ৰাজ্য চৰকাৰসমূহে সমগ্ৰ বিতৰণ ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰাটো দৰকাৰ । দ্বিতীয় যুদ্ধৰ সময়ত বংগত ভয়াৱহ দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল । যদিও সেই সময়ত গুদামসমূহ খাদ্য সামগ্ৰীৰে পৰিপূৰ্ণ আছিল, ব্ৰিটিছ চৰকাৰৰ ভুল নীতিৰ বাবে প্ৰায় 30 লাখ লোকে মৃত্যুক সাবটি ল’বলগীয়া হৈছিল । এক সু-সংহত ব্যৱস্থা আৰু পৰিকল্পনাইহে তেনে দুৰ্যোগ তথা অসংখ্যজনৰ মৃত্যুক ৰোধ কৰিব পাৰে ।

লগতে চাওকঃ চলিত বৰ্ষত অনুষ্ঠিত নহয় দেশৰ ৰাজধানীৰ সবাতকৈ ডাঙৰ উৎসৱ 'ৰামলীলা'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.