ETV Bharat / bharat

UAE-ত আবদ্ধ ১৫৮ ভাৰতীয়ক লৈ ইন্দোৰ পালেহি এখন বিশেষ বিমান

author img

By

Published : Jun 25, 2020, 8:46 PM IST

ক'ভিড-১৯ৰ ভয়াবহতাৰ বাবে সংযুক্ত আৰৱ আমিৰেটছ(UAE)ত দীৰ্ঘ দিন ধৰি আবদ্ধ হৈ থকা ১৫৮ গৰাকী ভাৰতীয় নাগৰিকৰ এটা দল লৈ সংযুক্ত আৰৱ আমিৰেটছৰ এখন বিশেষ বিমান বৃহস্পতিবাৰে উপস্থিত হয়হি মধ্য প্ৰদেশৰ ইন্দোৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত । সংযুক্ত আৰৱ আমিৰেটছত আবদ্ধ হৈ থকা ১৫৮ গৰাকী নাগৰিকক লৈ ভাৰতলৈ অহা কৰা বিমানখনত মধ্য প্ৰদেশৰ লগতে ছত্তিশগড়, হিমাচল প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ লোক আছিল ।

UAE-ত আবদ্ধ ১৫৮ ভাৰতীয়ক লৈ এখন বিশেষ বিমান পালেহি ইন্দোৰ

নিউজ ডেস্ক,২৫জুন: ক'ভিড-১৯ৰ ভয়াবহতাৰ বাবে সংযুক্ত আৰৱ আমিৰেটছ(UAE)ত দীৰ্ঘ দিন ধৰি আবদ্ধ হৈ থকা ১৫৮ গৰাকী ভাৰতীয় নাগৰিকৰ এটা দল লৈ সংযুক্ত আৰৱ আমিৰেটছৰ এখন বিশেষ বিমান বৃহস্পতিবাৰে উপস্থিত হয়হি মধ্য প্ৰদেশৰ ইন্দোৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত । স্বাস্থ্য বিভাগৰ স্ক্ৰিনিং টিমৰ এগৰাকী শীৰ্ষ বিষয়া আব্দুল্লা ফাৰুকীয়ে অৱগত কৰা তথ্য মতে, সংযুক্ত আৰৱ আমিৰেটছৰ চাৰজাহৰ পৰা উৰণ আৰম্ভ কৰা এই বিশেষ বিমানখন বৃহস্পতিবাৰে দিনৰ ১১ বজাত অৱতৰণ কৰেহি দেৱী অহিল্যাবাই হ'লকাৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ।

Flight carrying 158 Indians stranded in UAE arrives in MP

স্বাস্থ্য বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিলে, সংযুক্ত আৰৱ আমিৰেটছত আবদ্ধ হৈ থকা ১৫৮ গৰাকী নাগৰিকক লৈ ভাৰতলৈ অহা কৰা বিমানখনত মধ্য প্ৰদেশৰ লগতে ছত্তিশগড়, হিমাচল প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ লোক আছিল । বিমান বন্দৰতেই আটাইকেইগৰাকী যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ বেগসমূহো বীজানুমুক্ত কৰা হয় ।

স্বাস্থ্য বিষয়া ফাৰুকীয়ে ক'লে, নিজৰ দেশলৈ ওভতি অহা এইসকলৰ ৬৬গৰাকী ব্যক্তি ইন্দোৰৰেই বাসিন্দা । এই ৬৬ গৰাকী ব্যক্তিৰ আটাইকে ইতিমধ্যে চহৰৰে এটা পৃথক আবাস গৃহত সাত দিনলৈ কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰা হৈছে । লগতে আন সকল ব্যক্তিক নিজ নিজ ৰাজ্যলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক : লকডাউনত পাকিস্তানত আবদ্ধ ২৫০ গৰাকী ভাৰতীয় ঘৰ অভিমুখে ৰাওনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.