নিউজ ডেস্ক,১আগষ্ট: আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি,শনিবাৰে বিয়লি মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাৰ মানস এগ্ৰ' ইণ্ডাষ্ট্ৰিজত সংঘটিত বয়লাৰ বিস্ফোৰণৰ এটা শোকাবহ ঘটনাত ৫জনকৈ শ্ৰমিকৰ মৃত্যু ঘটিছে ।
জিলাখনৰ উমৰেড টেহচিলৰ অন্তৰ্গত এখন গাঁৱৰ এটা বায়' গেছ প্লাণ্টত দিনৰ প্ৰায় ২ বাজি ১৫ মিনিটত এই ঘটনাটো সংঘটিত হৈছিল ।
বিস্ফোৰণত নিহত ব্যক্তি কেইজন ক্ৰমে উৰগাঁৱৰ মঙ্গেশ প্ৰভাকৰ নাওকাৰকৰ(২১), লীলাধৰ উমানৰাও সিন্ধে(৪২), বাশুদেৱ লাড়ি (৩০), শচীন প্ৰকাশ ৱাঘমাৰে(২৪), প্ৰফুল্ল পাডুৰাং মুন(২৫) ।
আৰক্ষীয়ে অৱগত কৰা মতে, ইণ্ডাষ্ট্ৰিটোত শচীন প্ৰকাশ ৱাঘমাৰে এজন ৱেল্ডাৰ হিচাবে কাম কৰাৰ বিপৰীতে আনকেইজন সহায়কাৰী হিচাবে আছিল। বিস্ফোৰণৰ পিছতে কাৰখানাটোৰ চৌদিশ ধোঁৱাৰে চানি ধৰিছিল ।
আৰক্ষীৰ মতে বিস্ফোৰণত আটাই কেইগৰাকী শ্ৰমিকৰ শৰীৰ গুৰুতৰভাৱে জ্বলি উঠাৰ লগতে ঘটনাস্থলীতে তেওঁলোকৰ মৃত্যু ঘটিছে । ঘটনাৰ খবৰ পোৱাৰ পিছতেই জিলাখনৰ আৰক্ষী অধীক্ষক ৰাকেশ অলা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰিছে ।