নিউজ ডেস্ক, ৫ জুনঃ কোভিড-১৯ ত আক্ৰান্ত হৈছে স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰায় ৫ গৰাকী কৰ্মচাৰী। স্বাস্থ্য মন্ত্ৰণালয়ৰ মুখ্য কাৰ্যালয় 'নিৰ্মান ভৱন'ত কৰ্মৰত আটাইকেইগৰাকী কৰ্মচাৰী।
কোভিড ১৯ ত আক্ৰান্ত কৰ্মচাৰীকেইজনৰ ভিতৰত এজন উচ্চ পদস্থ বিষয়া,এজন চিকিৎসক, দুজন কৰ্মচাৰী আৰু এজন সহ সচিব । স্বাস্থ্য বিভাগৰ এক বিশেষ সূত্ৰৰ পৰা এই কথা জানিব পৰা হৈছে। সম্প্ৰতি এই লোককেইজনৰ সংস্পৰ্শত অহা ব্যক্তিৰ চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় আৰু স্বাস্থ্য সেৱাৰ মহানিৰ্দেশক (Director General of Health Services)ৰ কাৰ্যালয় 'নিৰ্মান ভৱন' ৬ আৰু ৭ জুনত বন্ধ ৰখা হয়। কাৰ্যালয়টোত জৰুৰীকালীত সেৱাত নিয়োজিত কৰ্মচাৰীসকলৰ বাহিৰে সকলো কৰ্মচাৰীক দুদিনৰ বাবে কাৰ্যালয়লৈ যোৱাত বাধা আৰোপ কৰা হৈছে। কৰ্মচাৰীকেইজনৰ কোভিড-১৯ পজিটিভ পোৱাৰ পাছতেই কাৰ্যালয়টোত থকা সকলো আচ-বাব,কম্পিউটাৰ,দৰ্জা,চোফা,ষ্টেনাৰ আদি ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হয়।
লগতে চাওকঃ ঘূৰ্ণীবতাহ নিসৰ্গঃ ৰায়গড় জিলালৈ ১০০ কোটি টকাৰ সাহাৰ্য ঘোষণা উদ্ধৱ থাকৰেৰ