ETV Bharat / bharat

লকডাউনৰ ফলত ভয়ানকভাৱে ক্ষতিগ্ৰস্থ দাৰ্জিলিং চাহ উদ্যোগ - Darjeeling Tea Association

সমগ্ৰ দেশত জাৰী কৰা লকডাউনৰ ফলক ভয়ানকভাৱে ক্ষতিগ্ৰস্থ হৈছে দাৰ্জিলিঙৰ চাহ উদ্যোগ ৷ চাহ উদ্যোগে বিত্তীয় সমস্যাৰ লগতে অৰ্থনৈতিক সমস্যাৰে যুঁজ দিবলগীয়া হৈছে ৷

লকডাউনৰ ফলত ভয়ানকভাৱে ক্ষতিগ্ৰস্থ দাৰ্জিলিং চাহ উদ্যোগ

author img

By

Published : Apr 5, 2020, 11:22 AM IST

নিউজ ডেস্ক, 5 এপ্ৰিলঃ সমগ্ৰ দেশত কোভিড-19ৰ ফলত জাৰী কৰা লকডাউনত ক্ষতিগ্ৰস্থ হৈছে বহুকেইটা উদ্যোগখণ্ড ৷ বিশেষকৈ চাহ উদ্যোগখণ্ডটো এইক্ষেত্ৰত অধিক ভয়াৱহভাৱে ক্ষতিগ্ৰস্থ হৈছে ৷ পশ্চিমবংগৰ দাৰ্জিলিং চাহ উদ্যোগে এইক্ষেত্ৰত মাত্ৰাধিক ক্ষতিৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰিছে দাৰ্জিলিং চাহ সংস্থাৰ অধ্যক্ষ বিনোদ মোহনে ৷

দাৰ্জিলিঙৰ চাহ উদ্যোগে প্ৰায় 40 শতাংশ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰথম অৱস্থাত এই পৰিমান হয়গৈ মাত্ৰ 20 শতাংশ ৷ প্ৰথমে সংগ্ৰহ কৰা চাহপাত ৰপ্তানিৰ বাবে অধিক লাভজনক যদিও ইয়াৰ পৰিমান হ্ৰাস পোৱাৰ ফলতে এতিয়া ভয়ানক বিত্তীয় সমস্যাৰ সন্মুখীন হৈছে দাৰ্জিলিঙৰ চাহ উদ্যোগ ৷ এই প্ৰথম অৱস্থাত সংগ্ৰহ কৰা চাহপাত মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা মে‘ মাহলৈ সংগ্ৰহ কৰা হয় ৷

অৱশ্যে বিত্তীয় সমস্যাৰ মাজতো ইয়াৰে বহুতো চাহ বাগিছাই চৰকাৰে জাৰী কৰা নিৰ্দেশনা অনুসৰি শ্ৰমিকসকলক মজুৰি প্ৰদান কৰি আছে ৷ সেয়েহে শীঘ্ৰেই চাহৰ উৎপাদন আৰম্ভ কৰিবলৈ অনুমতি বিচাৰি চৰকাৰলৈ অনুৰোধ জনাইছে দাৰ্জিলিঙৰ চাহ উদ্যোগীসকলে ৷ ইয়াৰ ভিতৰত গ্লেনবাৰ্ন, মাকাইবাৰী, আম্বিঅক, টিনধাৰিয়া আৰু জাংপাৰা চাহ বাগিছাই শ্ৰমিকসকলক মজুৰি প্ৰদান কৰিছে ৷

দাৰ্জিলিঙৰ চাহ শ্ৰমিকসকলক দৈনন্দিন মজুৰি হিচাপে প্ৰতিদিনে 176 টকা প্ৰদান কৰা হয় ৷

ইয়াৰ লগতে দাৰ্জিলিঙৰ চাহ বাগিচাসমূহত কৰ‘ণা ভাইৰাছক লৈ সজাগতা সভাৰো আয়োজন কৰি আহিছে সংশ্লিষ্ট মালিকপক্ষই ৷ ইতিমধ্যেই বাগিছা অঞ্চলসমূহত এই বিষয়ে ব্যাপক প্ৰস্তুতি চলোৱাৰ লগতে চিকিৎসালয় আৰু আছুতীয়া কক্ষও গঢ়ি তোলা হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.