নিউজ ডেস্ক, 20 মাৰ্চঃ দেশৰ কেবাখনো ৰাজ্যৰ সমান্তৰালকৈ এইবাৰ ক'ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে গুজৰাটৰ দুজন লোক ৷ বৃহস্পতিবাৰে স্বাস্থ্য বিভাগে সদৰি কৰে এই তথ্য ৷ ৰাজ্যখনৰ এয়া প্ৰথমটো ক'ৰোনা ভাইৰাছত আক্ৰান্তৰ ঘটনা ৷
জানিব পৰা মতে, আক্ৰান্ত ব্যক্তিদ্বয়ৰ এজন ৰাজকোটৰ লগতে আনজন সুৰতৰ ৷ স্বাস্থ্য বিভাগে টুইটাৰৰ জৰিয়তে জনোৱা মতে, ভাইৰাছত আক্ৰান্ত ব্যক্তিদ্বয়ক স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকক আছুতীয়াকৈ ৰখাৰ লগতে চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা কৰা হৈছে ৷
শেহতীয়া খবৰ অনুযায়ী মহাৰাষ্ট্ৰত দেশৰ সৰ্বাধিক লোক ক'ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে এই পৰ্যন্ত আক্ৰান্তৰ সংখ্যা 50 জন বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ ব্ৰইলাৰ খালে কৰ'ণা হোৱা খবৰটো সম্পূৰ্ণ মিছাঃ ডাঃ প্ৰদীপ মেধি