ETV Bharat / bharat

তেলেংগানাত চিনাক্ত নতুন লক্ষণৰ COVID-19ৰ প্ৰথম জন ৰোগী - তেলেংগানাৰ ৰাজ্যপাল তামিলীছাই চাউন্দৰাৰাজন

তেলেংগানাত চিনাক্ত হৈছে নতুন লক্ষণৰ COVID-19ৰ প্ৰথম জন ৰোগী ৷ আমেৰিকাৰ পৰা তেলেংগানালৈ অহা এজন ৪৯ বছৰীয়া ব্যক্তিৰ দেহত ধৰা পৰিছে নতুন COVID-19। সম্প্ৰতি ৱাৰাংলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে ব্যক্তিজনক ৷

First case of new COVID strain detected in Telanagana
তেলেংগানাত চিনাক্ত নতুন লক্ষণৰ COVID-19ৰ প্ৰথম জন ৰোগী
author img

By

Published : Dec 29, 2020, 11:56 AM IST

তেলেংগানা,29 ডিচেম্বৰ: নতুন লক্ষণৰ COVID-19ৰ প্ৰথম জন ৰোগী তেলেংগানাত চিনাক্ত হৈছে । ডিচেম্বৰ মাহৰ ১০তাৰিখে আমেৰিকাৰ পৰা তেলেংগানালৈ অহা এজন ৪৯ বছৰীয়া ব্যক্তিৰ দেহত নতুন COVID-19 ধৰা পৰিছে। অৱশ্যে,স্বাস্থ্য বিভাগৰ বিষয়াসকলে এতিয়াও ইয়াক নিশ্চিত কৰিব পৰা নাই।

তথ্য অনুসৰি,তেলেংগানাৰ ৱাৰাংগালৰ এজন লোকৰ দেহত ১৬ ডিচেম্বৰত ক'ভিডৰ লক্ষণ ধৰা পৰিছিল ৷ তাৰ পাচতে পৰীক্ষা কৰাত ফলাফল পজিটিভ পোৱা যায়। সম্প্ৰতি ৱাৰাংগালৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে ৰোগীজনক । ইতিমধ্যে,স্বাস্থ্য বিভাগৰ বিষয়াসকলে ব্যক্তিজনৰ সংস্পৰ্শলৈ অহা লোকসকলৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছিল ৷ পৰীক্ষাৰ অন্তত ব্যক্তিজনৰ ৭১ বছৰীয়া মাতৃয়েও আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে ৷

সোমবাৰে এক আনুষ্ঠানিক ঘোষণাৰ জৰিয়তে তেলেংগানা স্বাস্থ্য বিভাগে জনস্বাস্থ্য বিভাগৰ নিৰ্দেশক জি শ্ৰীনিৱাস ৰাওক পৰীক্ষা আৰু চিকিৎসাৰ নীতি অনুসৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ তাৰ লগে লগে তেলেংগানাৰ ৰাজ্যপাল তামিলীছাই চাউন্দৰাৰাজনে ৰাজ্যখনৰ লোক সকলক উদ্দেশ্যি কয় যে বিদেশত দ্ৰুত গতিত বিয়পি থকা COVID-19ৰ নতুন লক্ষণক লৈ সকলোৱে সাৱধানতা অৱলম্বন কৰা উচিত। শাৰীৰিক দূৰত্ব বজাই ৰখা,হাত ধোৱা আৰু মাস্ক পৰিধান কৰি সকলো সতৰ্কতামূলক ব্যৱস্থা অনুসৰণ কৰিবলৈ অনুৰোধ জনাইছে ৰাজ্যপাল গৰাকীয়ে ৷

লগতে পঢ়ক: অসমত দ্বিতীয় দিনা আৰম্ভ হৈছে ক'ৰণা প্ৰতিষেধকৰ পৰীক্ষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.