নেশ্য়নেল ডেস্ক , ২৯ ডিচেম্বৰ : কেৰালাৰ চেৰুভান্নুৰস্থিত এটা আৱৰ্জনাৰ গুডামত মঙলবাৰে পুৱা এক বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাই জনোৱা মতে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই আৰু তেওঁলোকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।
এটা চিলিণ্ডাৰৰ গুডাম, কিছুমান গাড়ীৰ শ্ব'ৰূম আৰু আবাসিক অঞ্চলৰ মাজত আছে আৱৰ্জনাৰ এই গুডামটো । অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাই জনোৱা মতে জুই প্ৰত্য়ক্ষ কৰাৰ পিছতে গুডামৰ পৰা চিলিণ্ডাৰ আৰু গাড়ীসমূহ আন ঠাইলৈ স্থানান্তৰ কৰা হয় । ইফালে জুই নিয়ন্ত্ৰণৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন ব্য়ৱহাৰ কৰা হয় ।
লগতে পঢ়ক : ব্যক্তিগতকৰণ সংবিধানৰ সংৰক্ষণৰ ব্যৱস্থাক হাইজেক কৰাৰ এটি আহিলাঃৰতন ভৌমিক