নেশ্যনেল ডেস্ক, 13 জুনঃ লকডাউনৰ মাজতে পৰীক্ষা অনুষ্ঠিত কৰি আইনৰ ৰোষত পৰিল এখন কলেজ ৷ মহাৰাষ্ট্ৰৰ পুনে জিলাৰ এই কলেজখনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এক গোচৰ ৷ কৰ'ণা ভাইৰাছৰ ফলত প্ৰদান কৰা প্ৰতিবন্ধকতাৰ মাজতে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কলেজলৈ মাতি পৰীক্ষা অনুষ্ঠিত কৰা বাবে তালেগাঁৱৰ এখন কলেজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷
বাণিজ্য শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক মাতি নি স্নেহাবৰ্ধন এডুকেশন ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত এখন কলেজত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল ৷ এই সম্পৰ্কত আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাচতে সেই স্থানত উপস্থিত হয় আৰু 27 গৰাকী ছাত্ৰ-ছাত্ৰীক পৰীক্ষা কেন্দ্ৰত প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পাচতে এডুকেছন ট্ৰাষ্টৰ 14 গৰাকী সদস্যৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হয় ৷ পৰীক্ষাকেন্দ্ৰত উপস্থিত থকা এডুকেছন বৰ্ডৰ সকলো সদস্য আৰু শিক্ষকৰ বিৰুদ্ধে পিমপ্ৰী-চিনছাৱাড় আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ৷
তেহছিলদাৰ মধুসূদন বাৰ্গেই কয়, "শুকুৰবাৰে পুৱাৰ ভাগত আমি তথ্য লাভ কৰিলো যে, স্নেহাবৰ্ধন জুনিয়ৰ ছাইন্স আৰু কৰ্মাছে একাদশ শ্ৰেণীৰ পৰীক্ষা আয়োজন কৰিছে ৷ তথ্য অনুসৰি, পূৰ্বে অনুষ্ঠিত একাদশ শ্ৰেণীৰ পৰীক্ষাত ফেইল কৰাসকলৰ পুনৰবাৰ পৰীক্ষা আয়োজন কৰা হৈছিল ৷"
মধুসূদন বাৰ্গেই কয়, "আমি সেই স্থানত উপস্থিত হৈ দেখিলো যে, তিনিটা শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ আয়োজন কৰিছিল ৷ পৰীক্ষাৰ সময় সম্পৰ্কত মেছেজৰ জৰিয়তে ছাত্ৰসকলক জনোৱা হৈছিল ৷ চৰকাৰে শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে যদিও ছাত্ৰসকলক মাতি নি পৰীক্ষা অনুষ্ঠিত কৰি কলেজখনে আইন উলংঘা কৰিছে ৷"
ঘটনা সম্পৰ্কত তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে তেহছিলদাৰ মধুসূদন বাৰ্গেই ৷
আৰু পঢ়ক : ডেহৰাডুনত IMA ৰ পাছিং আউট পেৰেড সম্পন্ন