ETV Bharat / bharat

18 অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব অযোধ্যা বিবাদৰ সকলো যুক্তি-যুক্ততাঃ মুখ্য ন্যায়াধীশ

author img

By

Published : Sep 26, 2019, 1:17 PM IST

দীৰ্ঘদিনৰ পৰা বিচাৰাধীন হৈ থকা ৰাম মন্দিৰ আৰু বাবৰী মছজিদ ভূমি বিবাদ কেন্দ্ৰৰ শুনানি 18 অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ উচ্চতম ন্যায়ালয়ৰ ৷

18 অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব অযোধ্যা বিবাদৰ সকলো যুক্তি-যুক্ততাঃ মুখ্য ন্যায়াধীশ

নিউজ ডেস্ক, 26 ছেপ্টেম্বৰঃ 18 অক্টোবৰৰ ভিতৰত ৰাম মন্দিৰ আৰু বাবৰী মছজিদ ভূমি বিবাদ কেন্দ্ৰৰ শুনানি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷ বৃহস্পতিবাৰে অধিবক্তা সকলক এই কথা প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে ৷ এই বিবাদৰ শুনানি প্ৰক্ৰিয়াৰ এইটো 32 সংখ্যক দিন বুলি উল্লেখ কৰে গগৈয়ে ৷ গতিকে 18 অক্টোবৰৰ পাচত আৰু এটা দিনো অধিক দিয়া নহ’ব বুলি উল্লেখ কৰে গগৈয়ে ৷

আনহাতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত মধ্যস্থতা পেনেলে যুক্তি সমূহ 18 অক্টোবৰৰ পূৰ্বে শেষ কৰিব লাগিব ৷ অৱশ্যে 18 অক্টোবৰৰ পৰ্যন্ত যুক্তি-যুক্ততা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত মধ্যস্থতা পেনেলৰ কাম কাৰ্য কৰি হৈ থাকিব বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে,উচ্চতম ন্যায়ালয়ে মাৰ্চ মাহত শীৰ্ষ পৰ্যায়ৰ প্ৰাক্তন বিচাৰক এফ.এম আই.এ কলীফুল্লা,আধ্যাত্মিক গুৰু শ্ৰী-শ্ৰী ৰবিশংকৰ আৰু বিশিষ্ট অধিবক্তা শ্ৰী ৰাম পাঞ্জুৰ নেতৃত্বত বিগত 70 বছৰে চলি অহা এই বিবাদ নিষ্পত্তি কৰাৰ আশা প্ৰকাশ কৰিছে ৷

ইতিমধ্যে,শীৰ্ষ পৰ্যায়ৰ ন্যায়ালয়ে অযোধ্যাৰ পৰা প্ৰায় 7 কিলোমিটাৰ নিলগত উত্তৰ প্ৰদেশৰ ফেজাবাদত মধ্যস্থতা প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ আসন নিৰ্ধাৰণ কৰিছে ৷ মে’ মাহত মধ্যস্থতা সমিতি গঠনৰ বাবে সময়সীমা 15 আগষ্ট লৈ বৃদ্ধি কৰা হৈছিল ৷ মধ্যস্থতা সমিতিৰ কাৰ্যকৰী প্ৰক্ৰিয়াকলৈ হিন্দুত্ববাদী সকলে মধ্যস্থতা সমিতিয়ে সঠিক দিশত কাম কৰা নাই বুলি উল্লেখ কৰি এইটো বিফল হোৱাটো নিশ্চিত বুলি কোৱাৰ পাচতো আদালতে মধ্যস্থতা সমিতিয়ে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা নাই বুলি উল্লেখ কৰিছে ৷

Intro:Body:

Finish arguments by Oct 18 in Ayodhya case: CJI to lawyers

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.