ETV Bharat / bharat

নিজৰে অভিলেখ ভংগ কৰি সীতাৰমণে প্ৰদান কৰিলে দীৰ্ঘতম বাজেট বক্তব্য

নিৰ্মলা সীতাৰমণে প্ৰদান কৰিলে ইতিহাসৰ দীৰ্ঘতম বাজেট বক্তব্য ৷ ইয়াৰ জৰিয়তে নিজৰে অভিলেখ ভংগ কৰিলে বিত্তমন্ত্ৰী গৰাকীয়ে ৷

author img

By

Published : Feb 1, 2020, 8:12 PM IST

বাজেট 2020
দীৰ্ঘতম বাজেট বক্তব্য়

নেশ্যনেল ডেস্ক, 1 ফেব্ৰুৱাৰী : শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দ্বিতীয়খন বাজেট দাখিল কৰি সৃষ্টি কৰিলে অন্য এক অভিলেখ ৷ নিজৰে অভিলেখ ভংগ কৰি শনিবাৰে সংসদত দীৰ্ঘতম বাজেট বক্তব্য ৰাখিলে বিত্তমন্ত্ৰী গৰাকীয়ে ৷

প্ৰায় 2 ঘন্টা 40 মিনিট প্ৰদান কৰা ভাষণৰ জৰিয়তে পূৰ্বে প্ৰদান কৰা 2 ঘন্টা 17 মিনিটৰ অভিলেখ ভংগ কৰে সীতাৰমণে ৷ পুৱা 11 বজাত আৰম্ভ কৰা ভাষণ বিয়লি 1.40 বজালৈকে প্ৰদান কৰে নিৰ্মলা সীতাৰমণে ৷ ইয়াৰ জৰিয়তে স্বাধীন ভাৰতৰ ইতিহাসৰ দীৰ্ঘতম বাজেট বক্তব্য প্ৰদান কৰাৰ অভিলেখ গঢ়ে সীতাৰমণে ৷

যোৱা বছৰ 2 ঘন্টা 17 মিনিট বক্তব্য প্ৰদানেৰে সীতাৰমণে প্ৰাক্তন বিত্তমন্ত্ৰী জছৱন্ত সিঙৰ 2 ঘন্টা 15 মিনিটৰ অভিলেখ ভংগ কৰিছিল ৷ উল্লেখ্য যে, অৰুণ জেটলীয়ো দীৰ্ঘতম বাজেট বক্তব্য প্ৰদানৰ বাবে জনাজাত ৷ 2017 চনত জেটলীয়ে 1 ঘন্টা 50 মিনিট আৰু 2018 চনত 1 ঘন্টা 49 মিনিটৰ বাবে বক্তব্য প্ৰদান কৰিছিল ৷

এই বৰ্ষত সীতাৰমণৰ বাজেট প্ৰদানক লৈ বিৰোধী দলে সমালোচনা আগবঢ়োৱাৰ লগতে ৰাহুল গান্ধীয়ে এই বাজেটক 'ফোঁপোলা' বুলি মন্তব্য কৰে ৷ গান্ধীয়ে কয়, "এই বাজেট ইতিহাসৰ দীৰ্ঘতম বক্তব্য, কিন্তু ইয়াত একো নাই, এয়া ফোঁপোলা" ৷

আৰু পঢ়ক : বাজেটত শিৱসাগৰৰ বিকাশ সাধনৰ কথা ঘোষণা : উৎফুল্লিত শিৱসাগৰবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.